কবিতাৰ ৰাজনীতি

বিৰোধী-শাসক পৰস্পৰে কবিতাৰে ৰাজনীতি আৰম্ভ কৰি কবিতাৰ দৰে এক শিল্পক সস্তীয়া মনোৰঞ্জনলৈ অৱনমিত কৰিছে। এতিয়ালৈ কবিৰ প্ৰতিক্ৰিয়া নাই উমঘাম নাই কবিতাৰ এই অপমান দেখাৰ পাছতো। হৈছে কি আচলতে?

আদৌ-২২

আদৌয়ে বিচাৰে মানুহ আৰু প্ৰকৃতিৰ সহজ পৃথিৱীখন। সেয়ে শিশু আৰু চেমনীয়াৰ বাবে আদৌৰ এই পৃথিৱীখনৰ ভিন্ন বিষয়ৰ কথাবোৰ সৰু সৰু টুকুৰাকৈ আমি ক’বলৈ চেষ্টা কৰিছোঁহক।

ওপৰৰ মাল

অসমৰ ৰাজনীতি : নিজকে ওপৰৰ মাল বুলি কোৱা সকলে অসাৱধনতাৰ বাবেই সাধাৰণ জোকাৰণিতেই তললৈ সৰি পৰাটো নিত্য নৈমত্তিক ঘটনা হৈ পৰিছে। সেয়ে ৰাইজে ‘মাল’ৰ মালিকক কৈছে ‘নিজৰ মালৰ ওপৰত নজৰ ৰাখক।’

দুষ্ট চক্ৰ

প্ৰসংগ পিপিই কিট : পৰষ্পৰবিৰোধী মন্তব্যৰে চলিছে অসম চৰকাৰ। কোনোবাই টুইট কৰি কয় ক’ভিডৰ সময়ত পিপিই কিট কিনিছো বুলি, আকৌ এতিয়া কিনা নাই বুলি তথ্য ৰাজহুৱা হোৱাৰ পাছত সতীৰ্থ মন্ত্ৰীয়ে কয় পিপিই কিট কিনা নাছিল, কিন্তু কিনা বুলি সেইসময়ত দুষ্ট চক্ৰইহে প্ৰচাৰ চলাইছিল। এতিয়া ৰাইজে পিপিই কিটৰ আঁৰত কি কীট আছিল তাৰ সন্ধানত নামি পৰিছে।

অৰ্ক মুখাৰ্জী

প্ৰসিদ্ধ সংগীতশিল্পী তথা লোকশিল্পী অৰ্ক মুখাৰ্জীয়ে আজি নিশা এক সংগীতনুষ্ঠানযোগে অসমৰ বানাক্ৰান্ত দুৰ্গত লোকসকলৰ বাবে সংগ্ৰহ কৰিব সাহায্য। জীৱনমুখী শিল্পীগৰাকীৰ লগত এটা শিল্পীদলেও অনুষ্ঠান পৰিৱেশন কৰিব। ধন্যবাদ অৰ্ক আৰু শিল্পীদল।

মানৱীয়তা!

বিপদত মানুহে মানুহক সহায় কৰাটো প্ৰাথমিক দায়িত্ব-কৰ্তব্য তথা মানৱীয়তা। কিন্তু বিশেষ কিছুমান মানুহে দায়িত্ব পালনৰ অৰ্থে মানুহক সহায়ৰ হাত আগবঢ়ালেই আৰম্ভ হৈ যায় ব্যক্তি পূজাৰ, যেন আৰ্তজনক তেওঁ পুতৌহে কৰিছে এইদৰে প্ৰচাৰ চলাবলৈ আৰম্ভ কৰে একাংশই। আৰু ইয়াৰ ফলত যিসকলে অতি নীৰৱে মানৱ সেৱা কৰি থাকে তেওঁলোক হৈ পৰে গৌণ।

বন্দী আৰু বিধ্বস্ত

বিগত দুটাকৈ বছৰে ক’ভিডৰ বাবে বন্দীত্বৰ জীৱন পাৰ কৰা খেতিয়কে এইবেলি কোনোমতে মূৰ দাঙি উঠিবলৈ চেষ্টা কৰিবলৈ নৌপাওতেই বছৰৰ প্ৰথমটো সংহাৰী বানত ভেটিৰে সৈতে কষ্টৰ ফচল খেতিও সমূলি হেৰুৱাবলগীয়া হৈছে। দুবছৰীয়া বন্দীত্বত ধাৰ ঋণত পোত গৈ থকা খেতিয়কে ভাবিছিল এইবেলি খেতি চপাই ঋণ পৰিশোধ কৰিব। কিন্তু ভবা কথা ভবাতেই ৰ’ল। পিছে এই লৈ চৰকাৰ-জাতীয় সংগঠন…

কাণমলা!

কাঁন চলচিত্ৰ মহোৎসৱ সম্পৰ্কত কাৰোবাৰ স্বাৰ্থ পূৰণৰ বাবে মিছা তথ্য আৰু বাতৰি পৰিৱেশন কৰি ৰাইজৰ বিশেষকৈ সামাজিক মাধ্যমৰ সচেতন ৰাইজৰ ৰোষত পৰিল একাংশ সংবাদ গোষ্ঠী আৰু অতি চালাক বুলি ভবা অত্যুৎসাহী সাংবাদিক। উল্লেখযোগ্য যে, কাঁন চলচিত্ৰ মহোৎসৱৰ ৰঙা কাৰ্পেটত অসমৰ খেনোৱে খোজ দি অসমক গৌৰৱান্বিত কৰা বুলি ‘নগৈ গড়গাঁৱৰ বতৰা’ দিয়াৰ লেখীয়া ভুৱা বাতৰি বিলাই…

সাধু কথা

সাধু কথাৰেই চলিছে একাংশ সংবাদ গোষ্ঠী আৰু সাংবাদিক। প্ৰভাৱশালী কোনোৱে সাজি সাজি সাধু কথা ক’ব আৰু তাকে একাংশ সাংবাদিকে ৰাইজৰ মাজত প্ৰচাৰ চলাব। আৰু তাৰ ফলতেই কাঁন চলচিত্ৰ মহোৎসৱৰ ৰঙা কাৰ্পেটত অসমৰ খেনোৱে খোজ দি অসমক গৌৰৱান্বিত কৰা বুলি ‘নগৈ গড়গাঁৱৰ বতৰা’ দিয়াৰ লেখীয়া ভুৱা বাতৰি বিলাই ফুৰিছে অসমৰ একাংশ সংবাদ গোষ্ঠীয়ে। আৰু অসমৰ সচেতন…

কাৰ্পেট : কাৰ পেট!

কাঁন চলচিত্ৰ মহোৎসৱৰ ৰঙা কাৰ্পেটত অসমৰ খেনোৱে খোজ দি অসমক গৌৰৱান্বিত কৰা বুলি ‘নগৈ গড়গাঁৱৰ বতৰা’ দিয়াৰ লেখীয়া ভুৱা বাতৰি বিলাই ফুৰিছে অসমৰ একাংশ সংবাদ গোষ্ঠীয়ে। আৰু অসমৰ সচেতন ৰাইজে এই লৈ সংশ্লিষ্ট সংবাদ মাধ্যম আৰু সাংবাদিকক ককৰ্থনাৰে থকা-সৰকা কৰিছে।