১৬ মে’, ৰৈ আছোঁ!

২০১৪ চনত বিজেপি নেতৃত্বাধীন চৰকাৰখনে ১৬ মে’ৰ পাছত অসম তথা ভাৰতৰ পৰা এজন এজনকৈ অবৈধ বাংলাদেশী খেদি পঠিয়াম বুলি হুংকাৰ দি অনুপ্ৰৱেশকাৰীৰ সমস্যা সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল নৰেন্দ্ৰ মোদীয়ে, পিছে বাস্তৱত কি হ’ল বা হৈ আছে অন্ধ ভক্তক বাদ দি বাকী ৰাইজে নিজে দেখি আছে।

সোঁতৰ সপক্ষে

ছবি নিৰ্মাতাক গুৰুত্বহীন কৰি চৰকাৰে নিজৰ মানুহ পঠিয়াব কাঁ ছবি মহোৎসৱলৈ। যোগ্যজনক স্বীকৃতি প্ৰদান আৰু সহযোগিতা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ পক্ষপাতিত্বমূলক আচৰণ।

অসমৰ সুৱদী মাত

সুদীৰ্ঘ দিনধৰি গুগল অনুবাদত অসমীয়া ভাষাৰ হকে অৱদান যোগাই অহা বহুকেইজন ভাষাপ্ৰেমী অগ্ৰগামী অসমীয়াৰ অৱদানৰ বলত অসমীয়া ভাষাক ‘গুগল’-এ আনুষ্ঠানিকভাৱে গুগল অনুবাদত অন্তৰ্ভূক্ত কৰি স্বীকৃতি প্ৰদান কৰিছে। এই অন্দোলনটোৰ প্ৰকৃত যোদ্ধা অসমীয়াসকলক অভিবাদন!