হিন্দী ক’ স্বাগতম!

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে হিন্দী ভাষা বাধ্যতামূলক কৰিবলৈ লোৱা সিদ্ধান্তক অসমত নেজ পেলাই আদৰণি জনাইছে অসম আৰু অসমীয়াৰ হকে মাত মাতি অহা বুলি দাবী কৰা এচাম ছদ্মবেশীয়ে।

হিতাধিকাৰী

অনিয়ন্ত্ৰিত ৰূপত বাঢ়িছে নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰীৰ দাম, সমানে বৃদ্ধি পাইছে কৰ। কিন্তু হিতাধিকাৰীসকলে এই লৈ মূৰ ঘমোৱা নাই, তেওঁলোকৰ আশা চৰকাৰে সকলো ফ্ৰীতেই দিব।

কোম্পানীৰ বিহু!

অসমীয়া জাতিৰ স্পন্দন বিহুক লৈ কৰা বেপাৰৰ নামত একাংশ কোম্পেনীয়ে বিজ্ঞাপনত বিকৃত ৰূপত বিহু সংস্কৃতিক উপস্থাপন কৰিছে। জাতি আৰু সংস্কৃতিক কৰা ই এক চৰম অপমান। আনহাতে একাংশ লোকে দিনে দিনে অসমীয়া লোক সংস্কৃতিক বিজতৰীয়া কৰাটো এক অভ্যাসত পৰিণত হৈছে।

ছিঃ ৰাজ!

‘অসমীয়া নকওঁ’ বুলি কৈ কিমান মানুহে অসমীয়া বুজি পায় কিম্বা কিমান অসমীয়া আছে বুলি দম্ভালি মাৰি ‘এ আই ইউ ডি এফ’ৰ নেতা ছিৰাজউদ্দিন আজমলৰ অভব্য আচৰণ তথা অসমীয়া ভাষা আৰু অসমীয়া জাতিসত্তাক অপমান। তেওঁৰ এই স্থিতিক ঘৃণা কৰিছোঁ।