নিয়মীয়াকৰণ

চমৎকাৰিতাৰে চৰকাৰে নতুন নিযুক্তিৰ পদক্ষেপ আগবঢ়াইছে, কিন্তু প্ৰতিশ্ৰুতি অনুযায়ী অস্থায়ী চাকৰিয়ালৰ চাকৰি নিয়মীয়কৰণৰ ক্ষেত্ৰত বিধি পথালি দি আছে চৰকাৰে।

ৰাইজেই ৰজা!

নানান ফুচুৰি কথা কৈ, ধৰ্ম-সাম্প্ৰদায়িক বিভাজনমূলক বিষয়েৰে মানুহক মূল সমস্যাৰ পৰা আঁতৰাই ৰাখি আৰু গুৰুত্বপূৰ্ণ বিষয়বোৰ এৰাই চলি মানুহক বিপদত পেলাই ৰং চোৱা কাৰবাৰটোৱেই আজিৰ ৰাজনীতিকৰ ৰাজনীতি।

দাম বঢ়া নাই!

কঠোৰ পৰিশ্ৰম কৰি ফচল উৎপাদন কৰাৰ পাছতো খেতিয়কে পোৱা নাই উচিত মূল্য, বিপৰীতে খেতিয়কৰ পৰা পানীৰ দৰত এই ফচল ক্ৰয় কৰি চৰা দামত মধ্যভোগীয়ে বজাৰত লগাইছে জুই। নিৰ্বিকাৰ জনদৰদী চৰকাৰ।