দাম বঢ়া নাই!

কঠোৰ পৰিশ্ৰম কৰি ফচল উৎপাদন কৰাৰ পাছতো খেতিয়কে পোৱা নাই উচিত মূল্য, বিপৰীতে খেতিয়কৰ পৰা পানীৰ দৰত এই ফচল ক্ৰয় কৰি চৰা দামত মধ্যভোগীয়ে বজাৰত লগাইছে জুই। নিৰ্বিকাৰ জনদৰদী চৰকাৰ।

জাপি

জাপিৰেও চলে ৰাজনীতি। মূল মূল সমস্যা, কৰ, বৰ্ধিত দাম মানুহৰ মূৰত জাপি দি তাৰপৰা মানুহৰ মন আঁতৰাবলৈ জাপি পিন্ধাই চলিছে ন্যস্তস্বাৰ্থৰ ৰাজনীতি।

উজনি-নামনি Money

সম্অয় হৈছে অসমক সংকটৰ পৰা মুক্ত কৰা, কিন্তু এতিয়াও এচামে অসমক উজনি-নামনি কৰি ভাগ ভাগ কৰি অসমীয়ৰ উদ্যম ভাঙি পেলাবলৈ উদ্যত হৈছে আৰু ইয়াৰ সুযোগ লৈছে অসম আৰু অসমীয়াবিৰোধী চক্ৰই।