তুলী
প্ৰাক্তন কংগ্ৰেছীৰে হাউছফুল বিজেপিত এতিয়া পুৰণি বিজেপি নেতা-কৰ্মী ক্ৰমান্বয়ে অপ্ৰাসংগিক হৈ পৰিছে।
the7mk2 domain was triggered too early. This is usually an indicator for some code in the plugin or theme running too early. Translations should be loaded at the init action or later. Please see Debugging in WordPress for more information. (This message was added in version 6.7.0.) in /home4/cartox8t/public_html/wp-includes/functions.php on line 6131প্ৰাক্তন কংগ্ৰেছীৰে হাউছফুল বিজেপিত এতিয়া পুৰণি বিজেপি নেতা-কৰ্মী ক্ৰমান্বয়ে অপ্ৰাসংগিক হৈ পৰিছে।
শৈক্ষিক পৰীক্ষাই হওক কিম্বা জীৱনৰেই পৰীক্ষা হওক, সফলতা বিফলতা সকলোৰেই থাকে। কিন্তু চেষ্টাৰ অসাধ্য একো নাই, কোনোবা উত্তীৰ্ণ হয়, কোনোবা অনুত্তীৰ্ণ; এয়া স্বাভাৱিক পিছে সমাজখন গঢ় দিবলৈ আমাক সকলোৰে প্ৰয়োজন। কাৰণ সততাৰে জীয়াই থকা প্ৰতিজন মানুহৰেই থাকে নিজস্ব কিছুমান গুণ।
ছদ্মবেশী প্ৰকৃতি প্ৰেম! এফালে উন্নয়নৰ দোহাই দি ন্যস্তস্বাৰ্থ সিদ্ধিৰ বাবে প্ৰকৃতি ধ্বংস আৰু পৰিৱেশ দিৱসৰ দিনা প্ৰকৃতি ৰক্ষা কৰিব লাগে বুলি ডিঙিৰ শিৰ ফুলাই বৰ বৰ ভাষণ নেতা-মন্ত্ৰীৰ।
দিনৌ ধ্বংস হ’বলৈ লৈছে প্ৰকৃতি। এনেকুৱা এটা দিন আহিব পৰিৱেশ দিৱস উদ্যাপন কৰিবলৈকে প্ৰকৃতিয়েই নাথাকিব।
ক’ভিড কালত পিপিই কিট ক্ৰয় আৰু যোগানৰ নামত শেহতীয়াকৈ একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছে কেলেংকাৰীৰ তথ্য, য’ত সাঙোৰ খাইছে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাকে ধৰি তেওঁৰ পৰিয়ালৰ নাম।
পি পি ই কিটেই নহয়, ৰাজনীতিক নামৰ কীটবিধে পি আছে আমাৰ সাধাৰণজনৰ তেজ।
বিৰোধী-শাসক পৰস্পৰে কবিতাৰে ৰাজনীতি আৰম্ভ কৰি কবিতাৰ দৰে এক শিল্পক সস্তীয়া মনোৰঞ্জনলৈ অৱনমিত কৰিছে। এতিয়ালৈ কবিৰ প্ৰতিক্ৰিয়া নাই উমঘাম নাই কবিতাৰ এই অপমান দেখাৰ পাছতো। হৈছে কি আচলতে?
ৰাজনৈতিক দলত খহনীয়া হ’লে নেতাই ঠিকেই আশ্ৰয় পায়, পিছে নৈয়ে গৰা খহাই তচনচ কৰিলে সাধাৰণ ৰাইজৰ কি হয়!
অসমৰ ৰাজনীতি : নিজকে ওপৰৰ মাল বুলি কোৱা সকলে অসাৱধনতাৰ বাবেই সাধাৰণ জোকাৰণিতেই তললৈ সৰি পৰাটো নিত্য নৈমত্তিক ঘটনা হৈ পৰিছে। সেয়ে ৰাইজে ‘মাল’ৰ মালিকক কৈছে ‘নিজৰ মালৰ ওপৰত নজৰ ৰাখক।’
প্ৰসংগ পিপিই কিট : পৰষ্পৰবিৰোধী মন্তব্যৰে চলিছে অসম চৰকাৰ। কোনোবাই টুইট কৰি কয় ক’ভিডৰ সময়ত পিপিই কিট কিনিছো বুলি, আকৌ এতিয়া কিনা নাই বুলি তথ্য ৰাজহুৱা হোৱাৰ পাছত সতীৰ্থ মন্ত্ৰীয়ে কয় পিপিই কিট কিনা নাছিল, কিন্তু কিনা বুলি সেইসময়ত দুষ্ট চক্ৰইহে প্ৰচাৰ চলাইছিল। এতিয়া ৰাইজে পিপিই কিটৰ আঁৰত কি কীট আছিল তাৰ সন্ধানত নামি পৰিছে।
প্ৰসিদ্ধ সংগীতশিল্পী তথা লোকশিল্পী অৰ্ক মুখাৰ্জীয়ে আজি নিশা এক সংগীতনুষ্ঠানযোগে অসমৰ বানাক্ৰান্ত দুৰ্গত লোকসকলৰ বাবে সংগ্ৰহ কৰিব সাহায্য। জীৱনমুখী শিল্পীগৰাকীৰ লগত এটা শিল্পীদলেও অনুষ্ঠান পৰিৱেশন কৰিব। ধন্যবাদ অৰ্ক আৰু শিল্পীদল।
বিপদত মানুহে মানুহক সহায় কৰাটো প্ৰাথমিক দায়িত্ব-কৰ্তব্য তথা মানৱীয়তা। কিন্তু বিশেষ কিছুমান মানুহে দায়িত্ব পালনৰ অৰ্থে মানুহক সহায়ৰ হাত আগবঢ়ালেই আৰম্ভ হৈ যায় ব্যক্তি পূজাৰ, যেন আৰ্তজনক তেওঁ পুতৌহে কৰিছে এইদৰে প্ৰচাৰ চলাবলৈ আৰম্ভ কৰে একাংশই। আৰু ইয়াৰ ফলত যিসকলে অতি নীৰৱে মানৱ সেৱা কৰি থাকে তেওঁলোক হৈ পৰে গৌণ।