মুঠ কথা মৌলিক অধিকাৰ। সাধাৰণ নাগৰিকে চিৰনিয়ত এইখিনি প্ৰত্যাশাৰেই জীয়াই থাকে। স্বৰাজোত্তৰ ভাৰতত জনতাৰ মৌলিক অধিকাৰৰ প্ৰসংগই সৰ্বাধিক চৰ্চা লাভ কৰি আহিছে। দেশীয় শাসকৰ শোষণ, নিপীড়ন, ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কছৰতত সাধাৰণ জনতাই কি ধৰণৰ আহুকালৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে সেয়া ইতিহাসে কৈ আছে। ইংৰাজৰ বিদায়ৰ পাছত দেশত স্থাপন হোৱা স্বৰাজে প্ৰকৃতপক্ষে সৰ্বসাধাৰণজনক স্ব-ভূমিত মুক্তমনে জীয়াই থকাৰ অৱকাশ দিলে নে? অথবা তেওঁলোকে ন্যায্য প্ৰাপ্যখিনি লাভ কৰিলেনে? এই লৈ আজিও বিতৰ্ক অব্যাহত আছে। দেশীয় শাসকৰ জনবিৰোধী নীতি, স্বজন-তোষণ, দুনীৰ্তি-ভ্ৰষ্টাচাৰে খাটি খোৱা সাধাৰণ নাগৰিকক বাৰুকৈয়ে বিপৰ্যস্ত কৰি ৰাখিছে। এই অন্যায়ৰ বিৰুদ্ধে গণতান্ত্ৰিক প্ৰতিবাদ, আন্দোলন, অসহযোগৰ উপৰি একাংশই সশস্ত্ৰ পন্থাৰে প্ৰতিবাদ অব্যাহত ৰাখিছে। স্বৰাজোত্তৰ ভাৰতৰ এই চৰম নৈৰাজ্য আৰু অৰাজকতাই দেশৰ ৰাজনীতি, অৰ্থনীতি আৰু বিশেষকৈ সমাজ ব্যৱস্থাক ঘূণীয়া কৰা বিষয়টোৱে প্ৰতিজন সচেতন লোকৰে মন আৰু বিবেকক আঘাত কৰি আহিছে।দেশৰ এই আভ্যন্তৰীণ জটিলতাৰ নিৰসন বিচাৰি সাধাৰণ শ্ৰেণীৰ লগতে বৌদ্ধিক মহলেও প্ৰচুৰ শ্ৰম কৰি আহিছে।
সকলোৱে নিজ নিজ মাধ্যমেৰে দেশৰ পৰিকাঠামো সবল কৰাৰ হকে সংঘৱদ্ধভাৱে অথবা ব্যক্তিগতভাৱে যুঁজ দিছে। এই যুঁজাৰু দলটোৰ আগশাৰীত থকা এজন বিশেষ ব্যক্তিয়ে দেশৰ সমাজ আৰু ৰাজনীতিক চিৰকাল আলোড়িত কৰি ৰাখিছে। অন্যায়ৰ বিৰুদ্ধে অতি স্পষ্ট ভাষাৰে যুঁজ দিবলৈ ছবিকেই মাধ্যম কৰি লোৱা তেনেই সজ পুৰুষ এই ব্যক্তিত্বই মানুহৰ মন আৰু বিবেকক জোকাৰি গ’ল। তেওঁ ৰছিপুৰম কৃষস্বামী লক্ষ্মণ। আৰ কে লক্ষ্মণ নামেৰে যিয়ে মাথো আমাক জীৱনজুৰি আলোড়িত কৰি
ৰাখিলে। মূল কথাত নিষ্পেষিত জনতাৰ তেওঁ সৰৱ কণ্ঠ। সাধাৰণ ভাৰতীয় জনতাৰ খং, ক্ষোভ, দ্ৰোহ, অসন্তুষ্টিৰ প্ৰতিনিধিত্ব কৰি শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে নামমাত্ৰ কেইডালমান ৰেখাৰে তেওঁ অহৰহ সবল প্ৰতিবাদ সাব্যস্ত কৰি থাকিলে। জনতাৰ পক্ষে তেওঁ ক’লা চিয়াঁহী আৰু সাধাৰণ এডাল তুলিকাৰে অব্যাহত ৰখা যুঁজত থৰকাছুটি হেৰুওৱাইছিল শোষক আৰু শাসক পক্ষই। ‘কমন মেন’ চৰিত্ৰটোৰ দ্বাৰা নিষ্পেষিত ভাৰতীয়ক প্ৰতিফলিত কৰি প্ৰতি সময় প্ৰতিবাদ কৰি যোৱা পৃথিৱীৰ প্ৰসিদ্ধ
কাৰ্টুনিষ্ট লক্ষ্মণৰ মৃত্যুৰ পিচত তেওঁৰ কায়িক অৱস্থিতি অবিহনেও সেই ‘কমন মেন’জনেই সৰ্বকাল শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে সৰৱ হৈ থাকিব, প্ৰতিজন সাধাৰণ ভাৰতীয়ক সজাগ কৰি শোষক আৰু শাসকৰ বিৰুদ্ধে চলাই থাকিব নীতি আৰু মৌলিক অধিকাৰৰ যুদ্ধখন। ভাৰতীয় গণতন্ত্ৰক সৱল কৰাৰ লগতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমক অধিক শক্তিশালী আৰু প্ৰখৰ কৰি এই ‘কমন মেন’-এ এক সুস্থ ধাৰা আৰু পৰম্পৰাৰো জন্ম দিছিল। কাৰ্টুনৰ মাধ্যমেৰে দেশৰ গুৰুত্বপূৰ্ণ বিষয়সমূহ সাধাৰণ নাগৰিকৰ সৈতে পোনপটীয়াকৈ সম্পৰ্ক স্থাপন কৰি লক্ষ্মণে সংশ্লিষ্ট বিষয়টো সংক্রান্তত সমজুৱাৰ মাজত সচেতনতা আৰু অধিক চৰ্চাৰ পথ মুকলি কৰি দিছিল। অতি সহজে বুজিব পৰাকৈ অঁকা তেওঁৰ কাৰ্টুনসমূহে দেশৰ লক্ষ লক্ষ নাগৰিকৰ বিবেক আৰু অন্তৰ স্পৰ্শ কৰি ৰাখিছে। ভাৰতীয় কাৰ্টুন শিল্পক ঐশ্বৰ্য আৰু বিভূতিশালী কৰি তোলাৰ ক্ষেত্ৰত লক্ষ্মণৰ অৱদান অতি গহন।প্ৰসিদ্ধ কাৰ্টুনিষ্ট শংকৰে ‘শংকৰছ উইকলি’ৰ জৰিয়তে ভাৰতত কাৰ্টুনৰ নৱজাগৰণৰ সূচনা কৰাৰ পাছত সেই বাটেৰে বাট বুলি আৰ কে লক্ষ্মণে ভাৰতীয় সমাজ ব্যৱস্থাক অতি পুংখানুপুংখভাৱে দৃষ্টি নিক্ষেপ কৰি তাৰ স্পষ্ট বিশ্লেষণ কৰিছিল। ভাৰতীয় ঐতিহ্য আৰু জাতীয় চেতনাৰ প্ৰতি সাংঘাতিক দায়ৱদ্ধ লক্ষ্মণে কোনোপধ্যে দেশৰ এই বিভূতি ম্লান পৰাটো বিচৰা নাছিল। সেয়ে তেওঁৰ কাৰ্টুনসমূহে প্ৰতিনিয়ত জাগ্ৰত প্ৰহৰীৰ দৰে দেশৰ নেতিবাচক দিশসমূহ আঙুলিয়াই দি তাৰ নিৰসনৰ কাৰণে অকল চৰকাৰকেই নহয় সমাজৰ প্ৰতিটো স্তৰতেই আহবান জনাইছিল। তেওঁ শীতাতপ নিয়ন্ত্ৰিত কোঠাত বহি মহা আৰামেৰে ছৱি আঁকি বিপ্লৱ কৰাৰ পৰিবৰ্তে সাধাৰণজনৰ কাষত থিয় দি সমস্যাৰ বুজ লৈ ছৱি আঁকি এক আন্দোলন গঢ়ি
তুলিছিল। তেওঁৰ এই আদৰ্শ ভাৰতীয় কাৰ্টুনিষ্ট সকলৰ বাবেই নহয়, পৃথিৱীৰ আন আন কাৰ্টুনিষ্টসকলৰ বাবেও আছিল অনুকৰণীয়। সেয়ে তেওঁ পৃথিৱীৰ প্ৰতিটো প্ৰান্তৰ পৰাই সকলোৰে পৰা শ্ৰদ্ধা আৰু সন্মান আদায় কৰিব পাৰিছিল। তেওঁৰ প্ৰতিভা আৰু ব্যক্তিত্বৰ ব্যাপ্তিয়ে পৃথিৱীৰ প্ৰতিটো প্ৰান্ত স্পৰ্শ কৰিছে। সেয়ে লক্ষ্মণ অবিহনে বিশ্বৰ কাৰ্টুন শিপ্ল এক গভীৰ শূন্যতা মাথোঁ।সম্পূৰ্ণ ছটা দশক আৰ কে লক্ষ্মণে ‘টাইমছ অব্ ইণ্ডিয়া’ৰ প্ৰথম পৃষ্ঠাত ‘ইউ ছেইড ইট’ শিৰোনামৰ কাৰ্টুন শিতানত দেশৰ ৰাজনীতি আৰু সমাজব্যৱস্থাক বুদ্ধিদীপ্ত ব্যংগ আৰু প্ৰখৰ শক্তিশালী ৰেখাৰে কটাক্ষ কৰাই নহয়, প্ৰতিখন ব্যংগচিত্ৰৰে মানুহ আৰু সমাজলৈ প্ৰেৰণ কৰিলে একোটাহঁত গুৰুত্বপূৰ্ণ চিত্তাকৰ্ষক বাৰ্তা। প্ৰতি পুৱা চিনাকি ‘কমন মেন’-এ কাউৰীয়ে ৰমলিয়াই ৰাতিটোক জগাই পুৱাক আমন্ত্ৰণ জনোৱাৰ লেখীয়া মানুহক সজাগ-সচেষ্ট কৰিলে। সেয়ে কাউৰী লক্ষ্মণৰ প্ৰিয়। আৰু প্ৰায় ছবিতেই কাউৰীৰ উপস্থিতিও আছিল লক্ষণীয়। সাধাৰণ জনতাৰ মাজত থাকি লক্ষ্মণে কাৰ্টুন আঁকিছিল। বিশ্বৰ প্ৰসিদ্ধ আলোচনী ‘টাইম’-এ লক্ষ্মণৰ প্ৰতি অগাধ শ্ৰদ্ধা-সন্মান জনাই তেওঁক বিভূষিত কৰিছিল ‘জনতাৰ তৰোৱাল’ৰূপে। দেশৰ সামগ্ৰিক পৰিস্থিতি আৰু শাসন ব্যৱস্থাটোৰ চূড়ান্ত ভণ্ডামি, ভাৰতীয় মানুহে ভুগি থকা যন্ত্ৰণা, অহৰহ খৰ্ব হৈ থকা মৌলিক অধিকাৰ, অন্যায়, অবিচাৰ, নীতিহীনতা, দুৰ্নীতি, দুষ্কাৰ্যই লক্ষ্মণক বাৰুকৈ খুন্দিয়াইছিল। য’ত-ত’ত ছবি আঁকি মনৰ ক্ষোভ প্ৰকাশ কৰিছিল। পিচে সেয়া প্ৰকাশৰ কোনো মাধ্যম নাছিল। ঘৰৰ বেৰ-মজিয়াই আছিল শেষ সীমা। শিক্ষক পিতৃয়ে বিশ্বৰ তৎকালীন প্ৰসিদ্ধ ব্যংগ আলোচনী পাঞ্চ, ট্ৰেণ্ড, টিটবিট, বাই ষ্টেণ্ডাৰ্ড আনি পঢ়িছিল। এই আলোচনীসমূহত তেতিয়াৰ স্বনামধন্য ইউৰোপিয়ান
কাৰ্টুনিষ্টসকলে অঁকা কাৰ্টুনে লক্ষ্মণক বাৰুকৈ প্ৰভাৱান্বিত কৰিছিল। ছবি অঁকাৰ অনুশীলন তেওঁ চলাই থাকোতেই আনুষ্ঠানিক শিক্ষাগ্ৰহণৰ বাবে মুম্বাইৰ বিখ্যাত জে জে স্কুল অব্ আৰ্টছত প্ৰ-পত্ৰ পূৰণ কৰে যদিও স্কুল কৰ্তৃপক্ষই তেওঁৰ প্ৰ-পত্ৰ নাকচ কৰি তেওঁলৈ প্ৰেৰণ কৰা এখন পত্ৰত উল্লেখ কৰে যে ‘তোমাৰ কোনো প্ৰতিভা নাই। আমি তোমাক ছাত্ৰ হিচাপে গ্ৰহণ কৰিব নোৱাৰো।’ এয়াই আছিল ‘লক্ষ্মণ’ৰ বাবে টাৰ্নিং পইণ্ট। তেওঁ হতাশ হোৱাৰ বিপৰীতে দৰ্শন, অৰ্থনীতি আৰু ৰাজনীতি বিষয়ত অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে আৰু বজাৰ, ষ্টেচন আদি ৰাজহুৱা স্থানত গৈ মানুহৰ অংগী-ভংগী আৰু সমগ্ৰ পৰিবেশৰ আদৱ-কায়দা অধ্যয়নেৰে ছবি অঁকাৰ অনুশীলন আৰম্ভ কৰিবলৈ ল’লে। আৰু এই অনুশীলনে এখন চিত্ৰাংকণ বিদ্যালয়ত দিয়া আনুষ্ঠানিক শিক্ষাতকৈ বহুগুণে তেওঁক সহায় কৰাই নহয়, পৰৱৰ্তী সময়ত তেওঁক প্ৰতিষ্ঠা দিলে দেশ আৰু পৃথিৱীৰ এজন স্বনামধন্য কাৰ্টুনিষ্টৰূপে। আৰু যিখন জে জে স্কুল অব্ আৰ্টছে তেওঁক প্ৰত্যাখ্যান কৰিছিল, এদিন সেই স্কুলখনেই স্কুলৰ এক বিশেষ অনুষ্ঠানলৈ লক্ষ্মণক মুখ্য অতিথিৰূপে আমন্ত্ৰণ কৰি আনি সন্মান যাচিছিল। আৰু লক্ষ্মণে তেওঁ বিদ্যালয় কৰ্তৃপক্ষক কৃতজ্ঞতা জনাই অতি বিনয়েৰে কৈছিল ‘এইখন বিদ্যালয়ৰ কৰ্তৃপক্ষই মোক প্ৰত্যাখ্যান কৰা বাবেহে মই কাৰ্টুনিষ্ট হ’ব পাৰিলো। নহ’লে কোনো বিজ্ঞাপন কোম্পানীত জিংগল লিখি ছবি আঁকি থাকিব লাগিলহেঁতেন।’ কৈশোৰত ভাতৃ প্ৰসিদ্ধ সাহিত্যিক আৰ কে নাৰায়ণৰ সৈতে মিলি ‘ৰাফ এণ্ড টাফ এণ্ড জলি’ বুলি ক্রিকেট দল এটা খুলি ক্রিকেট খেলি ফুৰা লক্ষ্মণৰ বাবে ক্রিকেট হৈ পৰিল অপ্ৰিয়। আৰু ছবি হৈ পৰিল তেওঁৰ জীৱনৰ উদ্দেশ্যে। আৰ কে নাৰায়ণৰ সমাহিত প্ৰতিটো গপ্লই লক্ষ্মণৰ নান্দনিক ৰেখা অবিহনে সম্পূৰ্ণ নহয়। নাৰায়ণ আৰু লক্ষ্মণৰ যুটিয়ে স্বাভাৱিকতে ‘মালগুড়ি ডেইজ’ক ধ্ৰুপদী সাহিত্যই নহয়, এক শিপ্ললৈও ৰূপান্তৰ কৰিছিল।
কানাড়া আলোচনী ‘ক’ ৰাভানজি’ আৰু ‘মাই মেগাজিন’ত লক্ষ্মণে কাৰ্টুনৰ চৰ্চা আৰম্ভ কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাচত ‘হিন্দুস্তান টাইমছ’ত কাৰ্টুনিষ্টৰ চাকৰি বিচাৰি আবেদন কৰে যদিও কৰ্তৃপক্ষই ‘সৰু ল’ৰা’ বুলি তেওঁক কটাক্ষ সুলভতাৰে প্ৰত্যাখ্যান কৰে। ইয়াৰ পাচত তেওঁ ‘ফ্ৰী প্ৰেছ জাৰ্নেল’ত পূৰ্ণাংগ কাৰ্টুনিষ্টৰূপে কাৰ্টুন আঁকিবলৈ সুযোগ পায় বাল চাহেব থাকৰেৰ সৈতে। পিচে ‘ফ্ৰী প্ৰেছ জাৰ্নেল’ত কাৰ্টুন অঁকাৰ ‘ফ্ৰীনেছ’ তেওঁ নাপালে আৰু কাম বাদ দি আবেদন কৰিলে ‘টাইমছ অব্ ইণ্ডিয়া’ ত। কাকতখনৰ কলা নিৰ্দেশক ৱাৰ লেং হামাৰে লক্ষ্মণৰ প্ৰতিভাৰ উমান পাইছিল আৰু সেইগুণে লক্ষ্মণক কাকতখনৰ সদস্যৰূপে অন্তৰ্ভুক্তি কৰোৱাইছিল।

Cartoonist R K Laxman’s self caricature with his created common man. Image Source
চন ১৯৪৮। আৰু ইয়াতেই আৰম্ভ হৈছিল ভাৰতীয় কাৰ্টুনৰ এক সোণালী অধ্যায়, এক নতুন যুগ। টাইমছ অব্ ইণ্ডিয়াত লক্ষ্মণে কাম আৰম্ভ কৰি দেখিলে যে, ভাৰতীয় মানুহৰ মাজত আছে সাংঘাতিক বিচিত্ৰতা। পোছাক-পৰিচ্ছদ, অবয়ব, সংস্কৃতি ক’তোৱেই মিল নাই। ভাৰতীয়ৰ মাজত ‘কমন’ বুলিবলৈ একো নাই। কিন্তু ‘কমন’ৰ প্ৰয়োজনীয়তা আছে। এইভাৱে তেওঁ সৃষ্টি কৰিলে এক কাল্পনিক চৰিত্ৰ। এজন বুঢ়া মানুহ। যাৰ পিন্ধনত চুৰিয়া, আঁচ থকা কোট, চছমা, জোতা, তপা মূৰত দুডালমান চুলি,
জিজ্ঞাসা আৰু অস্বস্তিৰে প্ৰকাশিত ডাঠ ক’লা চেলাউৰি, ঘোপা দৃষ্টি, চুটি নাকসহিতে এজন সাধাৰণ ভাৰতীয় ‘কমন মেন’। এটাও শব্দ নোকোৱাকৈ বিড়ম্বনা, জটিলতা, জীৱনৰ বিভিন্ন পৰিবেশ, পৰিস্থিতিৰ খেলিমেলি তেওঁ অনবৰত পৰ্যবেক্ষণ কৰি থাকিব। কাকতখনৰ প্ৰথম পৃষ্ঠাত ‘ইউ ছেইড ইট’ কাৰ্টুন শিতানত সেই ‘কমন মেন’জনৰ আৱিৰ্ভাৱে সমগ্ৰ ভাৰতীয়ক এক কৰিলে। অনন্ত কাললৈ নিৰন্তৰে এই ‘কমন মেন’-এ মানুহৰ কথাকেই ক’ব। সেয়ে পুনেৰ প্ৰসিদ্ধ ছিম্বায়’ছিছ আন্তৰ্জাতিক বিশ্ববিদ্যালয়ে ‘কমন মেন’ৰ প্ৰতি সন্মান জনাই বিশ্ববিদ্যালয় চৌহদত দহফুট দৈৰ্ঘ্যৰ ‘কমন মেন’ৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ লগতে বিশ্ববিদ্যালয়খনত লক্ষ্মণৰ নামত এখন সন্মানীয় আসনো প্ৰতিষ্ঠা কৰিছে। আনহাতে ডেক্কান এয়াৰৱেজে তেওঁলোকৰ প্ৰতীকপটৰূপে ‘কমন মেন’ক ব্যৱহাৰ কৰি আহিছে। ভাৰতীয় ডাক বিভাগে ‘কমন মেন’ক লৈ প্ৰকাশ কৰিছে ডাক টিকট।
ভাৰতীয় গণতন্ত্ৰ আৰু ৰাজনীতিত লক্ষ্মণৰ কাৰ্টুনৰ গুৰুত্ব অপৰিসীম। জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধীৰ পৰা আৰম্ভ কৰি প্ৰতিজন ৰাজনীতিকৰ বাবে লক্ষ্মণৰ কাৰ্টুন আছিল কঠোৰ সমালোচক। ভাৰত-চীনৰ যুদ্ধৰ সময়ত প্ৰধানমন্ত্ৰী নেহৰুৰ ভূমিকাক সমালোচনা কৰি লক্ষ্মণে অঁকা এখন কাৰ্টুনে ব্যাপক চৰ্চা লাভ কৰিছিল। কাৰ্টুনটো প্ৰকাশ পোৱাৰ পুৱাই নেহৰুৱে লক্ষ্মণলৈ ফোন কৰি অভিনন্দন জনাই কাৰ্টুনটো ডাঙৰকৈ বন্ধাই তেওঁক উপহাৰৰূপে দিবলৈ অনুৰোধ জনাইছিল। লক্ষ্মণৰ কাৰ্টুনৰ প্ৰবল অনুৰাগী নেহৰুৱে লক্ষ্মণৰ সৈতে পাঁচ মিনিট কথা পাতিম বুলি কৈ তেওঁক মাতি আনি এঘণ্টা সময় কথা পাতি কটাইছিল। আনহাতে নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীকে ধৰি দেশৰ প্ৰসিদ্ধ ৰাজনীতিকসকলৰ কাৰ্টুন যদি লক্ষ্মণে কোনোবাদিনা অঁকা নাছিল, সেইদিনা সংশ্লিষ্ট ৰাজনীতিকজনে লক্ষ্মণক ফোন কৰি আপত্তি কৰিছিল কিয় তেওঁৰ কাৰ্টুন অঁকা নহ’ল। অৱশ্যে প্ৰধানমন্ত্ৰী মোৰাৰজী দেশায়ে লক্ষ্মণৰ কাৰ্টুনৰ চোক সহ্য কৰিব পৰা নাছিল। আনহাতে শীৰ্ষ কংগ্ৰেছ নেতা দেৱকান্ত বৰুৱাক
তীব্ৰ কটাক্ষ কৰি লক্ষ্মণে কাৰ্টুন অকাঁ বাবে ইন্দিৰা গান্ধীয়ে বেয়া পাইছিল। কিন্তু যিসকল ৰাজনীতিকক লৈ লক্ষ্মণে কাৰ্টুন আঁকিছিল, তেওঁলোকৰ বাবে লক্ষ্মণৰ কাৰ্টুনত তেওঁলোক স্থান পোৱাটো আছিল এক বিশেষ মৰ্যাদাৰ চিন। জৰুৰীকালীন অৱস্থাৰ সময়ত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে সংবাদ মাধ্যমৰ বাক্স্বাধীনতা ৰুদ্ধ কৰাৰ বাবে লক্ষ্মণে গান্ধীক সাক্ষাৎ কৰি মুক্ত মনে ছবি অঁকাৰ বাবে জনোৱা অনুৰোধ গান্ধীয়ে নাকচ কৰাত ক্ষুব্ধ লক্ষ্মণ দেশ এৰি মৰিছাছলৈ গুচি গৈছিল আৰু গান্ধীয়ে নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পাচতহে দেশলৈ উভতি আহি পুনৰ কাৰ্টুন আঁকিবলৈ লৈছিল। দেশৰেই নহয় বিদেশৰ ৰাজনীতিকৰো প্ৰিয় আছিল লক্ষ্মণ। ব্ৰিটেইনৰ তৎকালীন প্ৰভাৱশালী প্ৰধানমন্ত্ৰী মাৰ্গাৰেট থেচ্চাৰে লক্ষ্মণক লগ পাই অত্যুৎসাহেৰে কেনেকৈ কাৰ্টুন অঁকা উচিত বুলি পৰামৰ্শ দিওঁতে লক্ষ্মণে তেওঁক কৈছিল – আপুনি প্ৰধানমন্ত্ৰী নহয় কাৰ্টুনিষ্ট হোৱাৰহে যোগ্য।টাইমছ অব্ ইণ্ডিয়াৰ যোগেদি দেশ তথা পৃথিৱী ব্যাপি খ্যাতি অৰ্জা লক্ষ্মণে তেওঁৰ কাৰ্টুনৰ বাবে আমেৰিকা, ব্ৰিটেইন, ৰাছিয়া, চীনকে ধৰি বহুকেইখন দেশলৈ সন্মানীয় অতিথিৰূপে আমন্ত্ৰিত হৈছিল। প্ৰসিদ্ধ ইউৰোপিয়ান কাৰ্টুনিষ্ট ডেভিদ ল’ আছিল লক্ষ্মণৰ অতিশয় প্ৰিয়। ল’ৰ সৈতে লক্ষ্মণৰ সাক্ষাতো আছিল এক বিৰল মুহূৰ্ত। আৰু এদিন ল’ৰ প্ৰস্তাৱ অনুসৰিয়েই টাইমছ অব্ ইণ্ডিয়াৰ হৈ লক্ষ্মণে ‘আৱাৰ কাৰ্টুনিষ্ট অব’ৰ্ড’ শিৰোনামেৰে কাৰ্টুন আঁকিছিল। আনহাতে ব্ৰিটেইনৰ সংবাদপত্ৰই লক্ষ্মণলৈ কাৰ্টুনিষ্টৰ চাকৰিৰ প্ৰস্তাৱো দিছিল। এই প্ৰস্তাৱ নাকচ কৰি লক্ষ্মণে কৈছিল ‘ভাৰতৰ দৰে কাৰ্টুন বা ছবি আঁকিবলৈ সুবিধাজনক ঠাই ক’তোৱেই নাই। ভাৰতৰ যি ৰাজনীতি সি ইমান বেছি বিষয় বৈচিত্ৰ্যসহ ‘আইডিয়া’ দিয়ে, ইমান বেছি বিচিত্ৰ ৰাজনীতিকৰ কৰ্মকাণ্ড পোহৰলৈ আনে যে কাৰ্টুন আঁকিবলৈ কাহানিও বিষয়ৰ অভাৱ নহয়। কিন্তু ব্ৰিটেইনৰ সুস্থ ৰাজনীতি আৰু ভদ্ৰ ৰাজনীতিকক লৈ কাৰ্টুন অঁকাৰ কোনো সুযোগেই নাই।’ বহু বিদেশ তেওঁ ভ্ৰমণ কৰিলেও দৰাচলতে নিজৰ দেশ আৰু সংস্কৃতিকেই তেওঁ প্ৰাণভৰি ভাল পাইছিল। পিচে ভাৰতীয় মানুহৰ কেতবোৰ কথা-কাণ্ডক লৈ তেওঁৰ সমস্যা আছিল।
ভাৰতীয় ৰাজনৈতিক কাৰ্টুনৰ অন্যতম পিতৃপুৰুষ আৰ কে লক্ষ্মণৰ প্ৰিয় ব্যক্তি আৰু পাথেয় আছিল দাৰ্শনিক প্লেটো, এৰিষ্টটল আৰু ছক্রেটিছ। বিষয়ৰ ক্ষেত্ৰত সদায় স্পষ্ট আৰু পোন দৃষ্টিকোণ লৈ লক্ষ্মণে কাৰ্টুন আঁকিছিল। মুঠ কথাত মানুহৰ হকে তেওঁৰ ছবি। এজন কাৰ্টুনিষ্টৰ দায়বদ্ধতা আৰু ভূমিকা সন্দৰ্ভত লক্ষ্মণৰ মত চিৰ স্পষ্ট ‘এজন কাৰ্টুনিষ্ট কেনেকৈ হ’ব পাৰি তাক ব্যাখ্যা কৰাটো অসম্ভৱ। তুমি সেই প্ৰতিভা লৈ জন্ম ল’ব লাগিব। যেনেকৈ এজন মানুহক কেনেকৈ গান গাব পাৰি
তাৰ শিক্ষা দিব নোৱাৰি, সুৰ সন্দৰ্ভত ক’ব নোৱাৰি, যিটো প্ৰকৃতিপ্ৰদত্ত, সেইদৰেই কাৰ্টুন অংকনো শিকাব নোৱাৰি। কাৰ্টুন বা ড্ৰয়িং জন্মগত প্ৰতিভাৰ ভিত্তিতহে সম্ভৱ। বুদ্ধিদীপ্ত হাস্যৰস, সৃষ্টিৰ ক্ষমতা, ছবি অঁকাৰ ক্ষমতা আৰু প্ৰকৃত শিক্ষাৰেহে এই প্ৰতিভাৰ বিকাশ সম্ভৱ। এই গুণ অবিহনে কাৰ্টুনিষ্ট হ’ব নোৱাৰি।’ ক’লা ৰং বা চিঞাহী আৰু তুলিকাৰে পৰম্পৰাগতভাৱে অঁকা কাৰ্টুনৰ বিপৰীতে কম্পিউটাৰ গ্ৰাফিক্সত অঁকা কাৰ্টুন বেয়া পোৱা লক্ষ্মণে কাৰ্টুনিষ্টসকলক সকীয়াই দি থৈ কৈছে ‘কম্পিউটাৰত অঁকা কাৰ্টুন কাগজৰ ফুলৰ দৰে সুগন্ধিহীন।’ ৰাজনৈতিক কাৰ্টুনত এক নতুন মাত্ৰা দিয়া লক্ষ্মণৰ অতি ধাৰাল, বিষাক্ত শেলৰ দৰে কাৰ্টুনে ৰাজনীতি আৰু সমাজৰ দুষ্কৃতিকাৰীসকলক বৰ নিৰ্মমভাৱে আক্রমণ কৰিছিল। যাৰ বাবে তেওঁৰ জীৱনলৈ চৰম ভাবুকি আৰু সংশয় নামি আহিছিল। আনকি তেওঁলৈ পত্ৰ বোমাও প্ৰেৰণ কৰিছিল যদিও নিৰাপত্তাৰক্ষীয়ে তেওঁক ৰক্ষা কৰিছিল। এবাৰ তেওঁক নাছিকত গ্ৰেপ্তাৰ কৰা হৈছিল উগ্ৰ মৌলবাদী হিন্দুত্ববাদক লৈ ব্যংগচিত্ৰ অঁকাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰি আদালতত
হাজিৰ কৰোৱাৰ সময়ত আমোদজনকভাৱে বিচাৰ প্ৰক্রিয়াৰ বিৰতিত বিৰোধী পক্ষৰ অধ্বিক্তাই লক্ষ্মণৰ অটোগ্ৰাফ লৈ ধন্য হৈছিল। সাম্প্ৰতিক সংবাদ মাধ্যমৰ ভূমিকা লৈ লক্ষ্মণ আছিল অসন্তুষ্ট। সংবাদপত্ৰত সুস্থ ৰাজনীতিৰ আলোচনাৰ পৰিবৰ্তে হত্যা- হিংসা, ক্রিকেট-চিনেমাই স্থান লাভ কৰা বুলি ক্ষোভ প্ৰকাশ কৰা লক্ষ্মণৰ মতে সম্পাদকীয়বোৰো নীৰস, একঘেয়ামী। সংবাদপত্ৰই নিজস্বতা হেৰুওৱা বুলি তেওঁৰ মত।
পদ্মবিভূষণ, পদ্মভূষণ, ৰমণ মেগছেছে বঁটা, মহীশূৰ বিশ্ববিদ্যালয়ে প্ৰদান কৰা সন্মানীয় ডক্টৰেট ডিগ্ৰীকে ধৰি দেশে-বিদেশে অলেখ সন্মান-খ্যাতি অৰ্জন কৰা আৰ কে লক্ষ্মণৰ বৰ্ণাঢ্য জীৱন পৰিক্রমাৰ কায়িকভাৱে অৱসান ঘটিলেও, তেওঁৰ কাৰ্টুনে জীৱনভৰ মানুহক উদ্বেলিত কৰি ৰাখিব। ‘দা টানেল অব্ টাইম’ মাধ্যমেৰে স্ব-জীৱন এষণা তেওঁ বৰ্ণনা কৰিছে। তেনেই সাধাৰণ নিৰহ-নিপানী জীৱন। অথচ সমগ্ৰ পৰিক্রমা বৰ্ণাঢ্য-বৰ্ণময়। সেই সময়ৰ সুৰংগৰেই তেওঁৰ চিৰ বিদায়। পিচে তেওঁ সদায় সাধাৰণজনৰ মাজতেই ‘কমন মেন’ হৈ জীয়াই থাকিব। সদায় সৰৱ হৈ থকা লক্ষ্মণে জীৱনৰ শেষকালছোৱা অতি নীৰৱে কটাবলগীয়া হ’ল। দুৰাৰাগ্যে ৰোগে বাৰুকৈয়ে জুৰুলা কৰা লক্ষ্মণৰ কন্ঠ দূৰ্বল হৈ অহাৰ লগতে শাৰীৰিকভাৱেও অক্ষম হৈ পৰা প্ৰসিদ্ধ কাৰ্টুনিষ্টজনে তেওঁৰ সেই চিৰ পৰিচিত স্বাক্ষৰটোও কৰিবলৈও অসমৰ্থ হৈ পৰিছিল। পিছে তেওঁৰ এই অসমৰ্থতা তেওঁৰ মনৰ ভিতৰৰ পৰা নাছিল। তেওঁৰ বাসগৃহতে আয়োজিত এক অনুষ্ঠানত লক্ষ্মণে এখন কেনভাচত কেইডালমান আঁক মাৰি ‘কমন মেন’জনক আঁকিবলৈ চেষ্টা কৰাৰ লগতে তেওঁৰ নিজৰ স্বাক্ষৰো কৰিছিল। দৃঢ়মনা লক্ষ্মণৰ এই সাহস তেওঁৰ মৃত্যুৰ আগমূহুৰ্ত্তলৈ যেন একেই থাকিল। সেয়ে এই সাহসী কাৰ্টুনিষ্ট গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ‘টাইম্ছ অৱ ইণ্ডিয়া’ই লক্ষ্মণৰ অৱসৰৰ পাছতো ইতিপূৰ্বে তেওঁ আঁকি থৈ যোৱা গুৰুত্বপূৰ্ণ কাৰ্টুনসমূহ পুনৰ প্ৰকাশ কৰি আহিছে।আৰ কে লক্ষ্মণৰ কায়িক অনুপস্থিতি স্বত্ত্বেও তেওঁৰ কাৰ্টুনসমূহে প্ৰতিদিনে তেওঁৰ উপস্থিতিৰ উমান দি আহিছে। তেওঁ ইতিমধ্যে আঁকি থৈ যোৱা কাৰ্টুনসমূহ আজিও আমাৰ প্ৰাত্যহিক জীৱনত সমানেই প্ৰাসংগিক। কাৰণ স্বৰাজোত্তৰ ভাৰতৰ
সামাজিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ চমকপ্ৰদ উত্থান ঘটিলেও সমস্যা সমূহৰ পৰিবৰ্তন ঘটা নাই। সাধাৰণ দৰিদ্ৰ কৃষকৰ সমস্যা, বাট-পথ, অনাময় ব্যৱস্থা, যাতায়ত ব্যৱস্থা, পানী যোগান ব্যৱস্থা আদিকে ধৰি মানুহৰ দৈনন্দিন প্ৰয়োজনীয় মৌলিক বিষয়সমূহ আশানুৰূপ ধৰণে সলনি নোহোৱাৰ ফলত এই বিষয়সমূহৰ ব্যংগাত্মক উপস্থাপন একেই আছে। লক্ষ্মণে কাৰ্টুনেৰে দি যোৱা সকীয়নী আৰু বিশ্লেষণৰ কোনো পৰিবৰ্তন হোৱা নাই। শাসক সলনি হৈছে কিন্তু শোষণৰ ব্যৱস্থাও একেই আছে। লক্ষ্মণৰ সেই কাৰ্টুনসমূহে তৎকালীন ভাৰতীয় সমাজ আৰু ৰাজনীতিকেই যে কটাক্ষ কৰি থৈ গ’ল তেনে নহয়, ই আহিবলগীয়া দিনবোৰতো দেশৰ ব্যৱস্থাটোক সদায় কটাক্ষ কৰি সমূহকে আলোড়িত কৰি ৰাখিব।

