পানী ৰঙৰ বেণু

  বেফিকিৰ এটা নিস্তৰংগ সন্ধ্যা নামি আহিছে। চহৰ ব্যস্ত। হাউলি পৰা নিয়ন লাইটবাৰে মায়াময় কৰিছে মহানগৰীৰ শাওণ। ঘৰমুখী যান-বাহন আৰু মানুহৰ উদগ্রীৱতাই ব্যস্ত চহৰক ব্যতিব্যস্ত কৰি তুলিছে। এনেতে হুকহুকাই কান্দি-কাটি বিষাদৰ শাওণ নামি আহক বৰষুণ এজাক হৈ। এখন পানী ৰঙৰ ছবিৰ দৰে গোটেই সন্ধিয়াটোৱে মহানগৰখনক ক্লিক কৰি থৈ গ’ল। মনৰ অজানিতে বেণু মিশ্ৰই খুন্দিয়াই আছে…

নৈ গুমগুমায়… মাজুলীত মগেন নৰহৰ নিৰৱ আন্দোলন

‘নৈ গুমগুমায় । তাৰ বুকু কঁপে পাৰ ভঙা মাটিৰ শব্দত । ধানৰ পথাৰত সাঁতোৰে ঘৰৰ নিজান ছাঁ । কাতৰ মাটিৰ উশাহে ঘোলা কৰে মেঘ পানী আকাশ । নৈ গুমগুমায় থাউনি হেৰোৱা পানীৰ তলত ।’ – কবি ‘হীৰু’ৰ নিজান মাতে নৈৰ ঘাটে ঘাটে মাতে । মানুহ আৰু নি:সৰ্গৰ অমল যোজনাই এই মাটিক ব্যাকুল কৰি তুলিছে ।…

আৰ কে লক্ষ্মণ : সাধাৰণ জনতাৰ সৰৱ কণ্ঠ

মুঠ কথা মৌলিক অধিকাৰ। সাধাৰণ নাগৰিকে চিৰনিয়ত এইখিনি প্ৰত্যাশাৰেই জীয়াই থাকে। স্বৰাজোত্তৰ ভাৰতত জনতাৰ মৌলিক অধিকাৰৰ প্ৰসংগই সৰ্বাধিক চৰ্চা লাভ কৰি আহিছে। দেশীয় শাসকৰ শোষণ, নিপীড়ন, ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ কছৰতত সাধাৰণ জনতাই কি ধৰণৰ আহুকালৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে সেয়া ইতিহাসে কৈ আছে। ইংৰাজৰ বিদায়ৰ পাছত দেশত স্থাপন হোৱা স্বৰাজে প্ৰকৃতপক্ষে সৰ্বসাধাৰণজনক স্ব-ভূমিত মুক্তমনে জীয়াই…