বেফিকিৰ এটা নিস্তৰংগ সন্ধ্যা নামি আহিছে। চহৰ ব্যস্ত। হাউলি পৰা নিয়ন লাইটবাৰে মায়াময় কৰিছে মহানগৰীৰ শাওণ।
ঘৰমুখী যান-বাহন আৰু মানুহৰ উদগ্রীৱতাই ব্যস্ত চহৰক ব্যতিব্যস্ত কৰি তুলিছে। এনেতে হুকহুকাই কান্দি-কাটি বিষাদৰ শাওণ নামি আহক বৰষুণ এজাক হৈ। এখন পানী ৰঙৰ ছবিৰ দৰে গোটেই সন্ধিয়াটোৱে মহানগৰখনক ক্লিক কৰি থৈ গ’ল। মনৰ অজানিতে বেণু মিশ্ৰই খুন্দিয়াই আছে অনবৰত। পানী ৰঙৰ এই ছবি যেন বেণুদাই আঁকি গ’ল এইমাত্র।
বৰষুণৰ দৃশ্য, বৰষুণৰ গান আৰু কবিতাবোৰ আওৰালেই সাউৎকৈ উঠি আহে বেণুদা। বৰষুণে ধুই নিয়া নৈসর্গ যেন সদ্যস্নাতা এগৰাকী গাভৰুৰ দৰে তিতা চুলি মেলি ইয়াত। এই যেন বেণুদাই এইখিনিতে তুলিকাৰে ছটিয়াই থৈ গ’ল পানী আৰু পানী। আমাৰ মনৰ কোনোবাখিনিত চিৰদিনৰ কাৰণে ৰৈ গৈছে বেণু মিশ্ৰৰ সেই পানী ৰঙৰ মাধ্যমত অঁকা ছবিৰ ট্রিটমেন্টটো। কেনেদৰে তেওঁ এখন ছবিৰ বিষয়বস্তুক কঠিন পানী ৰঙৰ মাধ্যমেৰে প্রতিষ্ঠা কৰে আৰু সেই মাধ্যমত তেওঁৰ ৰঙৰ এক সুনির্দিষ্ট নির্বাচনেৰে সেই বিষয়বস্তুক এক নান্দনিক পর্যায়লৈ লৈ যায় সেই কথাটো আশ্চৰ্যকৰ। কেতিয়াবা এনেকুৱা লাগে তেওঁৰ এখন ছবি নির্মাণত তেওঁ যেন তুলিকাৰ পৰশ এবাৰতেই দি তাক পূর্ণ কৰিছে। বিষয়ৰ সৈতে সংগত সেই এক সুদৃশ্য পৰিৱেশ, বিষয়ৰ মূলভাব তাৰ বেকগ্রাউণ্ড এই সমূহতেই বেণু মিশ্ৰই মিশ্র প্রক্রিয়া কিছুমান ব্যৱহাৰ কৰি আহিছে, যিসমূহ আমাৰ তেনেই চিনাকি অথচ সদায় নতুন। এই নতুনত্বৰ বাবেই বেণু মিশ্ৰৰ ছবিয়ে পাইছে অধিক প্রাণ আৰু সজীৱতা। সম্ভৱতঃ তেওঁৰ বহেমিয়ান জীৱন এটা থকা সত্বেও মনৰ সুশৃংখল কাৰবাৰবোৰে তেওঁক সদায় কামৰ ক্ষেত্ৰত পৰিপাটি কৰি ৰাখিছে। সেয়ে সুনির্দিষ্ট এটা বিষয়ত তেওঁৰ ছবিৰ বক্তব্যই সহজেই সাধাৰণ মানুহকো আকৃষ্ট কৰিব পাৰে। আধুনিকতাৰ বার্তাবাহী চিত্ৰকৰ হৈও বেণু মিশ্ৰৰ ছবিয়ে দুর্বোধ্যতাক প্রশ্রয় দিয়া নাই, বৰং সেই আধুনিকতাৰ প্রেক্ষাপটক লৈ অর্থবহ কিন্তু সৰল এক দৃষ্টিভংগীত ৰাখি তাক মানুহৰ হৃদয়ত সংস্থাপন কৰিছে। বৰপেটাৰ সাংস্কৃতিক পৰিৱেশৰ পৰা আহি এই গুৱাহাটীত কবিৰ সৈতে আড্ডা জমাই অঘৰী চিত্রকৰে এনে অজস্র স্মৃতিকাতৰতাক নিজৰ ছবিৰ বিষয় হিচাপে লৈ শিল্পৰ মর্যাদা বঢ়াইছে। অসমত চিত্রশিল্পৰ পৰিসৰ বৃদ্ধি আৰু ইয়াক জনতাৰ মাজলৈ নিয়াৰ কাৰণে বিষ্ণু ৰাভা বঁটাৰে সন্মানিত শিল্পীগৰাকীয়ে এটা বিপ্লৱৰ সূচনা কৰিছে। মননশীল আৰু উদাৰনৈতিক চিন্তা-চৰ্চাৰে তেওঁ ছবিক কেৱল ড্ৰয়িং ৰুমৰ সাজসজ্জাৰ বাহক নকৰি তাক মানুহৰ মনত সজাবৰ বাবে শিল্প আৰু শিল্পকাৰসকলকো সংগঠিত কৰি আহিছে। গুৱাহাটীত ইয়াৰ জল্জল্ পট্প্ট্ উদাহৰণ – গুৱাহাটী আৰ্টিষ্টছ গীল্ড্। বহু ঘাত-প্ৰতিঘাতেৰ মাজেৰে আহি আজিৰ চানমাৰিৰ পাহাৰ এটাৰ এচুক্ত জীয়াই থকা আৰ্টিষ্ট গীল্ডে জন্ম দিছে এনে বহু বৰেণ্য চিত্ৰকৰৰ, যাৰ আঁৰত লুকাই। মননশীল আৰু উদাৰনৈতিক চিন্তা-চৰ্চাৰে তেওঁ ছবিক কেৱল আছে বেণু মিশ্রৰ দৰে এক সত্তা। আনকি অসমৰ প্রকাশনা ক্ষেত্ৰখনক ডয়িং ৰুমৰ সাজসজ্জাৰ বাহক নকৰি তাক মানুহৰ মনত অধিক উজ্বলাই তোলাত বেণু মিশ্রৰ অৱদানো কম নহয়। চাগে তেওঁৰ সৰহখিনি সময় অসমৰ গ্ৰন্থ আৰু আলোচনীৰ প্ৰচ্ছদ আৰু ব্যাখ্যাচিত্র অংকনতেই খৰচ হৈছে। এই দিশত অতি নিখুঁত আৰু নতুন উদ্ভাৱনাৰে ভিন্ন শৈলী আৰু চিন্তা-চৰ্চাক প্রাধান্য দিয়া মানুহজনেই বেণু মিশ্র। ৰামকিংকৰ বেইজৰ অনুৰাগী বেণু মিশ্রই দেশে-বিদেশে, অসমৰ গাঁৱে-ভূঞে ছবি আৰু অসমৰ পৰম্পৰাগত লোককলাক তেওঁৰ নিজৰ শিল্পকর্মৰে প্রসাৰ আৰু প্ৰচাৰ কৰি আহিছে।
ৰুচিবোধ আৰু জীৱনৰ প্ৰতি থকা তেওঁৰ এক ধৰণৰ ধাৰণাই আমাক বৰকৈ চুই যায়। ছবিক কেৱল বৌদ্ধিক চর্চাতে নাৰাখি জনগণৰ ভাষা হিচাপে প্রতিনিধিত্ব কৰোৱাৰ কায়দাটো তেওঁ বৰ সাৱলীলভাৱে উপস্থাপন কৰি আহিছে। তেওঁৰ ছবিত আধুনিক জীৱন-যাত্ৰাৰ সংকট আৰু তাৰ প্রতিক্রিয়াৰ সঘন উপস্থিতি মন কৰিবলগীয়া। এক মননশীল আৰু বুদ্ধিদীপ্ত উপমাৰে তেওঁৰ ছবিয়ে দি যায় গভীৰ জীৱনবোধ আৰু বিশ্বজনীনতাৰ উপলব্ধি। ‘ডেথ’, ‘লাষ্ট ছাপাৰ’, ‘পেনিকি’, ‘দ্য ক্রেডেল’, ‘বানপ্রস্থ’, ‘এ হট নিউজ’ আদি তেনে কেইখনমান শিল্পকর্মই আমাক সহজেই আকর্ষিত কৰি আহিছে।
‘দ্য চেয়াৰ’ আৰু ‘ডেথ’ নামৰ ছবি দুখনত শিল্পীগৰাকীৰ জীৱন আৰু চেতনাত ক্রিয়াশীল এক ধৰণৰ বিষাদবোধৰ কথা উল্লেখ। এই বিষাদবোৰক লৈ বেণু মিশ্রই এঠাইত কৈছে— ‘মোৰ ভাবনাত প্ৰায়ে এটা বিষন্ন সুৰ থাকে। হয়তো মই ডাঙৰ হোৱা পৰিৱেশ বা মোৰ অভিজ্ঞতা আৰু সামাজিক অৱস্থান সকলোৰে সমাহাৰত বিষণ্ণ এই চিন্তাৰ জন্ম।’
ছবিক কেৱল কর্পোৰেট মহলৰ চিকাৰী চকুৰ বাবে নেআঁকি তেওঁ ছবিৰ পৰিভাষাত ৰোপণ কৰিছে এই জীৱন, এই মানুহ, মাটিৰ সুখ-দুখ, বিষাদ আৰু গঞা সুৰ। মানুহৰ প্ৰতি থকা শ্রদ্ধাই চাগে তেওঁক শিল্পত্বৰ গুণেৰে মহীয়ান কৰিছে। সেয়ে শিল্পী বিষাদময়তাৰ মাজত ডুব গৈছে সর্বাধিক, আৰু তেওঁ হৈ পৰিছে বহু সময়ত বেফিকিৰ অথবা অঘৰী ।
নীলমণি ফুকনে স্পষ্টকৈ কথা এষাৰ কৈছে— ‘মানুহ, মানুহৰ বিচিত্র ৰূপ জীৱনেই তেওঁৰ ছবিৰ প্রধান উপজীৱ্য অথচ বহু সময়ত লক্ষ্য কৰিছোঁ মানুহৰ মাজতো তেওঁ যেন নিঃসংগ, উলাহ-আনন্দৰ মাজতো বিষণ্ণতাত নিমগ্ন।’ ‘চেয়াৰ’ ছবিৰ সৰল মুখভংগীৰ কিশোৰীগৰাকীৰ সর্বসন্মত অন্তঃসলিলাৰ দৰে ব্যাপ্ত। বিষাদময়তা অথবা ‘ডেথ’ ছবিৰ জীৱন আৰু মৃত্যু চেতনাৰ যুগ্ম সহৱস্থানত ফুটি উঠা বিষাদৰ মর্মান্তিক অভিজ্ঞতাৰ মাজত আমি মানুহৰ মাজতাে নিঃসংগ, উলাহ-আনন্দৰ মাতো বিষণ্ণ বেণু মিশ্ৰৰ ভিতৰত দগমগাই থকা ঘাডোখৰৰ যন্ত্রণা সহজেই বিচাৰি পাব পাৰো। জীৱনৰ সুখ-দুখ, পোৱা-নোপোৱা এনে এক চেতনাৰ মাজতো শিল্পী হৈ পৰে নিঃসংগ। নিঃসংগতাই তেওঁক হয়তো উদ্বুদ্ধ কৰে এখন ছবি সৃষ্টিৰ বাবেই। বেণু মিশ্ৰৰ অন্তঃকৰণতো যি এক বিষাদবোধে ক্রিয়া কৰি থাকে, সেয়া ছবি এখন সৃষ্টিৰেই আধাৰ।
বিগত দিনবোৰত, ওঁহো আজিও এই মূহূর্ততো বেণু মিশ্রৰ নিজস্ব স্টাইলৰ পানী ৰঙৰ পেইন্টিং, স্কেচ্চ আৰু ক’লাজসমূহে আমাক অধিক আকর্ষিত কৰি আহিছে, তেওঁৰ প্রতিটো অংকনেই আমাৰ কাৰণে চিৰনতুন। ক’ব পাৰি, তেওঁৰ সৃষ্টি দক্ষতাত অনবৰত লাগি থাকে তাৰুণ্যৰ ছাপ। অসমত আধুনিক চিত্রকলাৰ অন্যতম বাটকটীয়া বেণু মিশ্রৰ আলোচনা থাউকতে শেষ কৰাটো অসম্ভৱ। বেণু মিশ্ৰৰ ছবি, বেণু মিশ্ৰৰ কথাৰ আৰম্ভণি মানেই অজস্র গল্প-গুজৱ আৰু জীৱনবোধৰ সংজ্ঞা। গতিকে তেওঁৰ আলোচনাৰ সূচনাহে এয়া। কথাত কথা নবঢ়াও আৰু ,কাৰণ বেণুদা আমাৰ মন-মগজুত। পিছে পৰে সেই কথা হ’ব কেতিয়াবা।
(পূৰ্ব প্ৰকাশিত)