মানুহৰ মানুহ নীলমণি

চাৰিওপিনে হিংসা– নিৰ্বিচাৰ নিৰ্মম নিৰ্যাতন নিপীড়ণ হত্যাৰ খবৰৰ লগত মিল নোখোৱা খবৰ এইটো। ধৰ্মান্ধৰ উন্মাদনা ৰাজনীতিৰ দুৰ্বৃত্তায়ন– দিনে দিনে বাঢ়ি অহা পৰিৱেশ প্ৰদুষণ অনিশ্চয়তাদৌৰা-দৌৰি। ভয়ৰ মাজত মোলৈ অহা এই ভাল খবৰটোৱে মুকলিকৈ উশাহ ল’ব পাৰিছেনে? ৫৬ সংখ্যক জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কবি নীলমণি ফুকনে আগবঢ়োৱা ভাষণ, ৰবীন্দ্ৰ ভৱন, গুৱাহাটী, অসম, ১১ এপ্ৰিল, ২০২২

হিন্দী ক’ স্বাগতম!

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে হিন্দী ভাষা বাধ্যতামূলক কৰিবলৈ লোৱা সিদ্ধান্তক অসমত নেজ পেলাই আদৰণি জনাইছে অসম আৰু অসমীয়াৰ হকে মাত মাতি অহা বুলি দাবী কৰা এচাম ছদ্মবেশীয়ে।

হিতাধিকাৰী

অনিয়ন্ত্ৰিত ৰূপত বাঢ়িছে নিত্য ব্যৱহাৰ্য সকলো সামগ্ৰীৰ দাম, সমানে বৃদ্ধি পাইছে কৰ। কিন্তু হিতাধিকাৰীসকলে এই লৈ মূৰ ঘমোৱা নাই, তেওঁলোকৰ আশা চৰকাৰে সকলো ফ্ৰীতেই দিব।

কোম্পানীৰ বিহু!

অসমীয়া জাতিৰ স্পন্দন বিহুক লৈ কৰা বেপাৰৰ নামত একাংশ কোম্পেনীয়ে বিজ্ঞাপনত বিকৃত ৰূপত বিহু সংস্কৃতিক উপস্থাপন কৰিছে। জাতি আৰু সংস্কৃতিক কৰা ই এক চৰম অপমান। আনহাতে একাংশ লোকে দিনে দিনে অসমীয়া লোক সংস্কৃতিক বিজতৰীয়া কৰাটো এক অভ্যাসত পৰিণত হৈছে।