পানী ৰঙৰ বেণু

  বেফিকিৰ এটা নিস্তৰংগ সন্ধ্যা নামি আহিছে। চহৰ ব্যস্ত। হাউলি পৰা নিয়ন লাইটবাৰে মায়াময় কৰিছে মহানগৰীৰ শাওণ। ঘৰমুখী যান-বাহন আৰু মানুহৰ উদগ্রীৱতাই ব্যস্ত চহৰক ব্যতিব্যস্ত কৰি তুলিছে। এনেতে হুকহুকাই কান্দি-কাটি বিষাদৰ শাওণ নামি আহক বৰষুণ এজাক হৈ। এখন পানী ৰঙৰ ছবিৰ দৰে গোটেই সন্ধিয়াটোৱে মহানগৰখনক ক্লিক কৰি থৈ গ’ল। মনৰ অজানিতে বেণু মিশ্ৰই খুন্দিয়াই আছে…

বেণু দালৈ শ্ৰদ্ধাৰ্ঘ্য

বেণু দা! সেই ৰূপেই তেওঁ আমাৰ পাথেয়। দেশৰ এগৰাকী খ্যাতিশীৰ্ষ চিত্ৰশিল্পী, সমাজ সচেতক বেণু মিশ্ৰৰ দেহাৱসান শিল্প আৰু সমাজৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁৰ কায়াৰ অনুপস্থিতিত তেওঁৰ সত্য আৰু অনবদ্য শিল্পকৰ্মই আমাক সদায় জীৱনৰ সন্ধান দি যাব।