উপদেশ!

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতেই এচামে, আনকি এচাম অভিভাৱকেও শিক্ষাৰ্থীক অমুক পঢ়, তমুক পঢ় বুলি উপদেশ দিয়াৰ নামত পাহৰি যায় আচলতে শিক্ষাৰ্থীজনৰ কি পঢ়াৰ মন বা তেওঁৰ আচলতে ইচ্ছা কি। আৰু এইদৰেই অৱদমিত কৰা হয় বহু শিক্ষাৰ্থীৰ সপোন আৰূ ইচ্ছা।

নম্বৰৰ ভোক!

জ্ঞান অৰ্জনতকৈ অধিক আৰু অধিক নম্বৰ আহৰণৰ দৌৰত এচাম অভিভাৱকে সন্তানক দি আহিছে মানসিক চাপ। ইয়ে বিৰূপ প্ৰভাৱ পেলাইছে শিক্ষাৰ্থীৰ জীৱন আৰু শৈক্ষিক পৰিৱেশত।

জীৱনৰ পথ

শৈক্ষিক পৰীক্ষাই হওক কিম্বা জীৱনৰেই পৰীক্ষা হওক, সফলতা বিফলতা সকলোৰেই থাকে। কিন্তু চেষ্টাৰ অসাধ্য একো নাই, কোনোবা উত্তীৰ্ণ হয়, কোনোবা অনুত্তীৰ্ণ; এয়া স্বাভাৱিক পিছে সমাজখন গঢ় দিবলৈ আমাক সকলোৰে প্ৰয়োজন। কাৰণ সততাৰে জীয়াই থকা প্ৰতিজন মানুহৰেই থাকে নিজস্ব কিছুমান গুণ।

প্ৰেম!

ছদ্মবেশী প্ৰকৃতি প্ৰেম! এফালে উন্নয়নৰ দোহাই দি ন্যস্তস্বাৰ্থ সিদ্ধিৰ বাবে প্ৰকৃতি ধ্বংস আৰু পৰিৱেশ দিৱসৰ দিনা প্ৰকৃতি ৰক্ষা কৰিব লাগে বুলি ডিঙিৰ শিৰ ফুলাই বৰ বৰ ভাষণ নেতা-মন্ত্ৰীৰ।