নৈ গুমগুমায়… মাজুলীত মগেন নৰহৰ নিৰৱ আন্দোলন
‘নৈ গুমগুমায় । তাৰ বুকু কঁপে পাৰ ভঙা মাটিৰ শব্দত । ধানৰ পথাৰত সাঁতোৰে ঘৰৰ নিজান ছাঁ । কাতৰ মাটিৰ উশাহে ঘোলা কৰে মেঘ পানী আকাশ । নৈ গুমগুমায় থাউনি হেৰোৱা পানীৰ তলত ।’ – কবি ‘হীৰু’ৰ নিজান মাতে নৈৰ ঘাটে ঘাটে মাতে । মানুহ আৰু নি:সৰ্গৰ অমল যোজনাই এই মাটিক ব্যাকুল কৰি তুলিছে ।…


