নিতুপৰ্ণ ৰাজবংশী
মানুহে আন্তৰিকতাৰেই বিচাৰিছে সংবাদ মাধ্যম আৰু সাংবাদিকতাই মানুহৰ পক্ষে থাকক। ডিজিটেল দুনীয়াই সংবাদ মাধ্যমক তড়িৎ গতিৰে মানুহৰ কাষলৈ লৈ যোৱাৰ সমান্তৰালকৈ ডিজিটেল বিকল্প সংবাদ মাধ্যমে ছপাৰ লগতে বৈদ্যুতিন সংবাদ মাধ্যমকো চেৰ পেলাই আগুৱান হোৱাৰ সময়ত পৰম্পৰাগত সংবাদ মাধ্যমৰ অস্তিত্ব বাহাল থকাটো অত্যন্ত প্ৰয়োজন বুলি খোদ ডিজিটেল মাধ্যমতেই চৰ্চা চলিছে। ডিজিটেল প্লেটফ’ৰ্মখন ব্যৱহাৰ কৰি ইতিমধ্যে বিশ্বৰ অইন প্ৰান্তৰ লগতে ভাৰত আৰু অসমৰ প্ৰেক্ষাপটতো বিকল্প সংবাদ মাধ্যমৰূপে নিউজ প’ৰ্টেল বা ৱেব প’ৰ্টেল গঢ় লৈ উঠিছে। ইয়াৰ এচাম প’ৰ্টেলৰ নিয়ন্ত্ৰণহীনতা, সম্পাদনাৰ দুৰ্বলতা, ৰুচিহীন সংবাদ পৰিৱেশনৰ প্ৰতিযোগিতাত সামাজিক মাধ্যমৰ লগতে সমাজতো অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে। ফলত সচেতন মানুহৰ বাবে সংবাদ মাধ্যম এক বিৰক্তিদায়ক বিষয়ৰূপে পৰিগণিত হ’বলৈ লৈছে। সাংবাদিকতাৰ নীতিক সমূলি বিসৰ্জন দি এচাম মানুহে নিজৰ মতলবৰ বাবে সাংবাদিকতাক ব্যৱহাৰ কৰি এটা ব্যৱস্থা আৰু গোটেই সমাজখনকেই বিপথে পৰিচালিত কৰাৰ প্ৰৱণতাক লৈ শংকিত হৈ পৰিছে সচেতন সমাজ। চৰ্চা অনুসৰি একাংশ বৈদ্যুতিন মাধ্যমৰ সংবাদ পৰিৱেশনৰ সস্তীয়া ঢংটোকেই অনুসৰণ কৰি বিকল্প সংবাদ মাধ্যমৰ একাংশয়ো এই উজু পথ লৈ তাৎক্ষণিক জনপ্ৰিয়তা অৰ্জনৰ বাবে এইদৰে হাত উজান দিয়াৰ ফলত সংবাদ মাধ্যমৰ গৰিমা বহুখিনি লাঘৱ হৈছে। এনে প্ৰেক্ষাপটত মানুহে সুস্থ সাংবাদিকতাৰ পোষকতা কৰিছে, আৰু এই লৈ বিভিন্নজনে সংবাদ গোষ্ঠীসমূহক আহ্বানো জনাইছে, পৰামৰ্শও আগবঢ়াইছে।
ছপা, বৈদ্যুতিন আৰু ডিজিটেল সংবাদ মাধ্যমৰ যিচামে সাংবাদিকতাৰ প্ৰকৃত নীতিক খামোচ মাৰি ধৰি শিপাৰ পৰা বিচ্ছিন্ন হোৱা নাই, সেই চামটোৰো এনে নহয় যে স্ংবাদ পৰিৱেশনৰ সময়ত ক’ৰবাত নহয় ক’ৰবাত বিচ্যুতি হোৱা নাই। ৰাজনৈতিক মতাদৰ্শ কাৰণত এনে সংবাদ গোষ্ঠীসমূহেও কেতিয়াবা পক্ষপাতদুষ্ট আচৰণ কৰা বাবেই চল চাই কঠীয়া পেলোৱা ৰাজনৈতিক আৰু পুঁজিপতিৰ দ্বাৰা পৰিচালিত সংবাদগোষ্ঠীসমূহে এই নিষ্ঠাৱান সংবাদগোষ্ঠীসমূহক আক্ৰমণৰ লক্ষ্য কৰি লৈ ন্যস্ত স্বাৰ্থ পূৰণ সিদ্ধিত বাৰুকৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
দেশৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশ-পৰিস্থিতিত গুৰুত্বপূৰ্ণ ভুমিকা অৱলম্বন কৰা গৰিমাময় সাংবাদিকতাৰ এটা বৃহৎ অংশ বিগত কিছু বছৰৰ পৰা মূল পথৰ পৰা ফালৰি কাটি গৈ ন্যস্ত স্বৰ্থৰ হকে আত্মনিয়োগ কৰাৰ কথা এতিয়া আগে দাং ভিতৰি ধোবাংবাং লেখীয়া হৈছেগৈ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে স্থিতপ্ৰজ্ঞ সংবাদ মাধ্যম এতিয়া নিজেই গণতন্ত্ৰৰ সংকট হৈ পৰিছে। বিশেষত: ৰাজনৈতিক নেতা আৰু একাংশ অসৎ পুঁজিপতি ব্যৱসায়ীৰ হাতলৈ সংবাদ মাধ্যমৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ গুছি যোৱাৰ পাছত স্বভাৱসিদ্ধভাৱেই সাংবাদিকতা পক্ষপাতদুষ্ট হৈ পৰিছে। ইয়াৰ মাজত সততা আৰু নিষ্ঠাৰে ৰাইজৰ হকে মাত দি অহা সংবাদ গোষ্ঠীসমূহে খীণকৈ হ’লেও কিছু আশা পোষণ কৰি আহিছে। কিন্তু এই সমদলটো ৰাজনৈতিক হেঁচা আৰু আন বহু কাৰকৰ বাবে বাৰে বাৰে বাধাগ্ৰস্ত হৈ থাকিবলগীয়া হোৱাৰ বাবে বহু নিষ্ঠাবান আৰু সৎ সাংবাদিকে নিৰ্যাতন সহিবলগীয়া হোৱাই নহয়, মৃত্যুবৰণো কৰিবলগীয়া হৈছে। ছপা, বৈদ্যুতিন আৰু ডিজিটেল সংবাদ মাধ্যমৰ যিচামে সাংবাদিকতাৰ প্ৰকৃত নীতিক খামোচ মাৰি ধৰি শিপাৰ পৰা বিচ্ছিন্ন হোৱা নাই, সেই চামটোৰো এনে নহয় যে স্ংবাদ পৰিৱেশনৰ সময়ত ক’ৰবাত নহয় ক’ৰবাত বিচ্যুতি হোৱা নাই। ৰাজনৈতিক মতাদৰ্শ কাৰণত এনে সংবাদ গোষ্ঠীসমূহেও কেতিয়াবা পক্ষপাতদুষ্ট আচৰণ কৰা বাবেই চল চাই কঠীয়া পেলোৱা ৰাজনৈতিক আৰু পুঁজিপতিৰ দ্বাৰা পৰিচালিত সংবাদগোষ্ঠীসমূহে এই নিষ্ঠাৱান সংবাদগোষ্ঠীসমূহক আক্ৰমণৰ লক্ষ্য কৰি লৈ ন্যস্ত স্বাৰ্থ পূৰণ সিদ্ধিত বাৰুকৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। এনেধৰণৰ পৰিৱেশে মানুহৰ মাজত সংবাদ মাধ্যমৰ প্ৰতি থকা আস্থা আৰু বিশ্বাসক বহু যোজন দূৰলৈ আঁতৰাই নিছে। পিছে এই কথাও ঠিক যে, ন্যস্ত স্বাৰ্থজনিত সংবাদ মাধ্যমসমূহৰ বিভিন্ন উৰা বাতৰি, খেনোৰ ব্যক্তিগত জীৱনৰ কন্দল, কাৰোবাৰ শোৱনী কোঠাৰ বতৰা, উদ্দেশ্যপ্ৰণোদিত আৰু মনেসজা বাতৰি, সাম্প্ৰদায়িকতাপূৰ্ণ খবৰ ইত্যাদি সস্তীয়া নাট্যধৰ্মী বাতৰিসমূহলৈও গৰিষ্ঠসংখ্যক মানুহৰ আকৰ্ষণ প্ৰবল, আৰু ইয়াৰ সম্পূৰ্ণ মুনাফা আদায় কৰিবলৈ পলে প্ৰতি চেগ লৈ চিকাৰ কৰাত সিদ্ধহস্ত এই সংবাদ গোষ্ঠীসমূহ।
একাংশ সংবাদ মাধ্যমৰ এনে দায়িত্বজ্ঞানহীনতাক লৈ বহুলোকে মুকলিকৈ নিজৰ ক্ষোভ-অসন্তুষ্টি ব্যক্ত কৰি সামাজিক মাধ্যম বা বাতৰি কাগজত সমজুৱাকৈ প্ৰকাশ কৰিছে। এই লৈ অনানুষ্ঠানিক সমীক্ষাও হৈছে। আৰু এনে সমীক্ষা আৰু চৰ্চাত পোহৰলৈ আহিছে যে, মানুহে মানুহৰ পক্ষত থকা সংবাদ গোষ্ঠীহে বিচাৰে। পিছে বিগত সময়ছোৱাত মনকৰিবলগীয়া গুৰুতৰ বিষয়টো হ’ল অধিকাংশ সংবাদ গোষ্ঠীয়েই চৰকাৰী পক্ষ লৈ ৰাইজৰ মূল সমস্যা, বিষয়, ন্যায্য প্ৰাপ্তি, মৌলিক অধিকাৰ, ন্যায়, আৰ্থ-সামাজিক অধিকাৰ আদি সংক্ৰান্তত পিঠি দি একপক্ষীয়ভাৱে কেৱল চৰকাৰৰ বন্দনাত মত্ত হৈ থাকি ৰাইজৰ কণ্ঠক ৰুদ্ধ কৰি পেলালে। পৰিস্থিতি এনেকুৱা পৰ্যায় পাইছেগৈ যে, সাধাৰণ মানুহে দুৰ্যোগ কিম্বা দুৰ্ভোগত পৰিলেই এই সংবাদ গোষ্ঠীসমূহে এনেবোৰ বিষয়ৰ পৰা ফালৰি কাটি মানুহৰ মন অইন বিষয়লৈ ঢাল খোৱাবলৈ অপচেষ্টা চলাই কিছুমান সস্তীয়া আৰু মনোৰঞ্জনমূলক বিষয়ক লৈ অধিক উত্ৰাৱল হৈ পৰে। ইয়ে সংবাদ মাধ্যমৰ প্ৰকৃত নীতিকেই যে পদানত কৰিছে তেনে নহয়, অতি নিষ্ঠাৰে সাংবাদিকতা কৰি অহা সাংবাদিকসকলৰ কঠোৰ পৰিশ্ৰম আৰু তেওঁলোকৰ সততাকো অপমানিত কৰিছে। এই লৈ ৰাজহুৱাকৈ সংবাদ মাধ্যম সমালোচিতও হৈছে, কিন্তু আটাইতকৈ মন দিবলগীয়া বিষয়টো হ’ল যে সংবাদ মাধ্যমৰ আত্মসমালোচনা। একাংশ সংবাদ গোষ্ঠী বা একাংশ সাংবাদিকৰ বাবে সমগ্ৰ স্ংবাদ মাধ্যমেই যেতিয়া সাধাৰণীকৃত হৈ সমালোচনা, নিন্দা-গৰিহণাৰ সন্মুখীন হ’বলগীয়া হয় তেতিয়া গণতন্ত্ৰৰ প্ৰতিয়েই বিৰূপ প্ৰভাৱ পৰে। আৰু মানুহৰ মনৰ পৰা সংবাদ মাধ্যমৰ প্ৰতি আস্থা আৰু বিশ্বাস স্বভাৱগতভাৱেই লোপ পায়। সেয়ে প্ৰতিটো সংবাদ প্ৰতিষ্ঠানেই মানুহৰ কথা মন দি শুনাটো গণতন্ত্ৰৰ বাবেই যোগাত্মক। গণতন্ত্ৰ ৰক্ষাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ যি গুৰুত্বপূৰ্ণ ভূমিকা তাক বিজ্ঞানসন্মত আৰু যুক্তিপূৰ্ণভাৱে শক্তিশালী কৰি তুলিবলৈ হ’লে সাধাৰণ মানুহ যি পঢ়ুৱৈ বা দৰ্শক, যাৰ ওপৰত নিৰ্ভৰ কৰি সংবাদ গোষ্ঠীসমূহ তিষ্ঠি আছে, তেওঁলোকৰ মনৰ কথা মন দি শুনি সংবাদ গোষ্ঠীসমূহে আত্মসমালোচনাৰে নিজৰ শুদ্ধ পথ নিৰূপন কৰি সাংবাদিকতাৰ প্ৰকৃত নীতিৰে সংবাদ পৰিৱেশন কৰাটো এই সময়ৰ একান্তই দাবী। আৰু এই কথাকেই সামাজিক মাধ্যমেই হওক বা কাগজে পত্ৰই হওক কিম্বা বাটে-হাটে সাধাৰণ মানুহে উত্থাপন কৰি আহিছে। কিন্তু সংবাদ মাধ্যম সমালোচনাৰ উৰ্দ্ধত বুলি এক ভ্ৰান্ত ধাৰণা দিবলৈ আন একাংশ সাংবাদিকে মানুহৰ এই ‘আলোচনা’ক পোনচাটেই নাকচ কৰি পৰোক্ষভাৱে ন্যস্তস্বাৰ্থজড়িত সংবাদ গোষ্ঠী আৰু সাংবাদিকক ন্যায্যতা প্ৰদান কৰাই নহয়, সাংবাদিকতাত ধৰা ঘূণখিনিকো ঢাকি ৰখাৰ অপচেষ্টা চলাই প্ৰকৃত সাংবাদিকতাকো বিপথে পৰিচালিত কৰি আহিছে, আৰু ইয়ে সাংবাদিকতাৰ আত্মসমালোচনা, আত্মবিশ্লেষণ অথবা আত্মজিজ্ঞাসাৰো মুদা মাৰিছে।
সাংবাদিক মহলৰ মাজতেই এতিয়া আলোচনা হৈছে যে, আমাক নীতিসম্পন্ন, সুস্থ, বিশ্বাসযোগ্য একোখন বাতৰি কাগজ, বৈত্যুতিন সংবাদ মাধ্যম বা নিউজ প’ৰ্টেলৰ প্ৰয়োজন। কিন্তু নতুনকৈ আৰম্ভণি মানে বৃহৎ অংকৰ পুঁজিৰ আৱশ্যক, বা এনে এক সম্ভাৱনাক মূৰ্তমান কৰি তুলিবলৈ এনে কোন মানুহ আগবাঢ়ি আহিব যি সামজিকভাৱে দায়বদ্ধ! অৱশ্যে নিজৰ সামৰ্থ্যৰ গণ্ডীত থাকি খেনোৱে এনেধৰণৰ আৰম্ভণি নকৰাকৈও থকা নাই। যিসমূহে সুস্থ সাংবাদিকতাক প্ৰতিনিধিত্ব কৰিবলৈ উন্মুখ হৈ আছে। এনে সুস্থ সাংবাদিকতা আজিৰ উন্নত প্ৰযুক্তিৰ সময়ত তেনেই কঠিন হৈও থকা নাই। কম পুঁজিৰেই ডিজিটেল প্ৰক্ৰিয়াৰে নিউজ প’ৰ্টেল গঢ় দি মানুহৰ সপক্ষে আগবঢ়াৰ সাহস ৰাখি সচেতনতাৰে পদক্ষেপ আগবঢ়াব পাৰি। ইতিমধ্যে এই প্ৰক্ৰিয়া আমাৰ দেশৰেই ভিন্ন প্ৰান্তত ব্যাপ্ত হৈছে। মানুহেও উচিত সঁহাৰি জনাইছে, আৰু বিজ্ঞাপন দাতাৰ পৰাও পাইছে যোগাত্মক সহযোগ, সেইদৰে ৰাইজৰ সৰ্বাংগীন স্বাৰ্থত ৰাজহুৱা দান-বৰঙনিৰেও এনে সংবাদ সংস্থাসমূহে পোহৰৰ দিশে আগবাঢ়িছে। এনে সময়ত একাংশই প্ৰচাৰ চলাইছে যে, এই ডিজিটেল মাধ্যমে ছপা মাধ্যমক শেষ কৰিব, এনে প্ৰচাৰ বৈদ্যুতিন মাধ্যমৰ আৰম্ভণিতেও একাংশই কৰিছিল। কিন্তু কোনেও কাৰো ভাত কাঢ়ি আনিব নোৱাৰে, যদিহে ই নিজৰ দায়িত্ব নৈতিকভাৱে পালন কৰি থাকে। সাম্প্ৰতিক মানুহে কেওটা দিশৰ সংবাদ মাধ্যমকেই সুস্থভাৱে দায়িত্ব পালন কৰি থকাটো অন্তৰৰ পৰা বিচাৰে। সেয়ে মানুহে মুকলিকৈ ক্ষোভ বা অসন্তুষ্টিও প্ৰকাশ কৰিছে, যাতে ভাল হয়। বিচাৰিছে অপতৃণবোৰ আঁতৰাই সংবাদ গোষ্ঠীসমূহে পৰিচ্ছন্নতাৰ পৰিচয় দিয়ক। এনে সংকেত সংবাদ মাধ্যমৰ বাবেই অতি ফলপ্ৰসু বুলি বিবেচিত হৈছে। ই বৰ আশাব্যঞ্জক, কাৰণ সংবাদ মাধ্যমৰ বাবে ‘ৰাইজ’ বুলি অভিভাৱক আছে। এতিয়া অভিভাৱকৰ কথা কিমান শুনে সেয়া সময়ে আমাৰ আগত এদিন পৰিৱেশন কৰিব।
সৰভোগৰ বৰনগৰ প্ৰেছ ক্লাবৰ মুখপত্ৰ কলমত প্ৰকাশিত। ২০২১ খ্ৰীষ্টাব্দ।