নিতুপৰ্ণ ৰাজবংশী
উইধাইছিলুং- কহায়?
এহ যাং ন’! আৰু ৰৈ থকা নাই এই মফচল।
উকাপুৱাৰ শেফালিকাৰ গন্ধৰ দৰেই আমোলমোল অনন্ত আহিনৰ সম্ভাৱনাৰ এই মফচল। সেই প্ৰাচীন গোঁহাই কমলেদি ফইতা কোবাই বেৰাই থকা কামৰূপ-কামতাৰ এখন পুৰাতন চহৰৰ নাম ‘বন্নগৰ’ কিম্বা বৰনগৰ। মানাহ কি নলঝৰা অথবা বেকীয়ে ঢুৰকায় চায় এই পুৰাকথাৰ চহৰখনক। গাৰোমল্লাৰ সেই পথাৰখন ধিয়াই অভয় বাঘখেদাই সৌসিদিনালৈকে বৰনগৰৰ গুণ বখানি-বখানি উপমাকে হেৰুৱাই পেলায়। বাথানৰ গানবোৰ, নিৰলা দৈয়ে তেলাল কৰি ৰখা দিনবোৰ, বাঙৰৰ পিঠিত উঠি কাইশাৰ হাবি ফালি যৌৱনৰ মিছিল গঢ়ি তোলা সময়বোৰ, আৰু বাঘ খেদি চৰাবলৈ নিয়া বাঙৰৰ জাক একোটাক বাথানলৈ নিৰাপদে ঘূৰাই অনা সেই সাধুহেন কথাবোৰ বৰনগৰৰ কাৰণে তেজোদ্দীপ্ত প্ৰশস্তি। হালি পৰা পুৰঠ মাকাল বাঁহৰ দৰে ঋজুদেহী অভয় বাঘখেদাই পাঁচ আলিটোতে পুৱাতেই দন্ত্য দটোৰ দৰে ৰ’দ লৈ বহি থাকে সদায়। তাতে সেই ৰ’দ ঘন কৰিবলৈ আহমেদ জেঠা আহে, বাথানৰ পাগ উঠা কথাবোৰ আৰু ‘নিৰলা’ হৈ উঠে। এই যে হিমালয়মালাৰ ভূটান পাদদেশেদি নামি অহা অনঘ নিসৰ্গৰ বন্নগৰত বাথানৰ অলেখ মালিতা আৰু দুগ্ধজাত সামগ্ৰীৰ ইমান কদৰ, সেই কথাৰ আধাৰ টানি অভয় বাঘখেদাই কয়- মানাহেৰে নামি অহা ঘাঁহৰ যিটো গুণ, ইয়ে দুগ্ধ উৎপাদন আৰু দুগ্ধজাত সামগ্ৰীৰ প্ৰস্তুতকৰণত প্ৰচুৰ অৰিহণা যোগাই আহিছে। পলশে সাৱটি ধৰা এই বৰনগৰৰ উৎপাদিত ফচলো সতেজ, আৰু মৎস্যৰতো সোৱাদেই অন্যৰকম। আহমেদ জেঠাই মাথোঁ কয়, বাপু আদ’ অ’ এংকা দিন আৰ নাহে ঘূৰি! বয়স বাঢ়ি আহিছিল খাৰা চিপাহীৰো। জীৱনৰ চাকনৈয়াই গটিয়াই গতি সলাইছিল প্ৰবল আত্মবিশ্বাসী মানুহটোৰ। শৈশৱ-কৈশোৰ মোমায়েকৰ ঘৰ আৰু বাথানত পাৰ কৰা খাৰা চিপাহীয়ে প্ৰচুৰ শ্ৰমৰ মাজেৰে জীৱনত ‘খাৰা’ হৈছিল। অভয় বাঘখেদাতকৈ যথেষ্ট অনুজ খাৰা চিপাহীয়ে অভয় বাঘখেদাক ‘অভয় শিয়ালখেদা’ বুলিহে মাতিছিল; কাচিৎহে কাকা বুলিছিল। তাৰো এক কাৰণ আছে, বাঘ খেদা সাহসী মানুহজনে অঞ্চলটোৰ প্ৰায় সকলোকে শিয়াল বুলিয়েই মাতিছিল, আৰু তেওঁৰ আগেৰে কোনোবা পাৰ হৈ গ’লেই কাণত ধৰি জগতৰ উত্তৰশূণ্য প্ৰশ্ন কিছুমান সুধি ব্যতিব্যস্ত কৰি তুলিছিল আৰু ঘৰৰ বাকী শিয়ালবোৰ ক’ত আছে, কিয় বান্ধি থোৱা নাই আদি-ইত্যাদি অনেক প্ৰশ্ন আদেশ-নিৰ্দেশেৰে থেকেচি পেলাইছিল। সেই খঙতে বহুতে তেওঁক ‘অভয় শিয়ালখেদা’ বুলি মাতি তেওঁৰ ‘বাঘখেদা’ প্ৰমাণপত্ৰ আৰু কৃতিত্বৰ বিৰুদ্ধে এক অৰ্থত ক্ষোভ উজাৰিছিল। কিছুমানেতো ‘অভয় বাঘখেদা’ৰ ঠাইত ‘অভয় বাঘেখেদা’ বুলি মাতিহে শান্তি আৰু তৃপ্তি পাইছিল। কিন্তু ভাল
তেওঁক সকলোৱে পাইছিল। দূৰে-দূৰে জোকাই সমীহো কৰিছিল। খাৰা চিপাহীৰো সেই সমীহ তেওঁৰ প্ৰতি আছিল।
এফালে অভয় বাঘখেদা, আনফালে আহমেদ জেঠা। কিছু দূৰৈত ৰৈ চাহ বিকি থকা বগাৰ পৰা তিনি চিংগেল লাল চাহ আৰু সুৰেলীত বেচা জেলেপিৰ দৰে পাক খোৱা দালি পিঠা লৈ খাৰা চিপাহী আহি দুয়োৰে কাষত বহে আৰু তিনিও চাহ পিঠা ভগাই লৈ বাথানৰ গল্পত আত্মনিয়োগ কৰে। বাথানৰ সৈতে তিনিওৰে আত্মিক সম্পৰ্ক। শাকে-মাছে-মঙহে যিমান খালেও খাৰা চিপাহীক কিন্তু দ’ কাঁহীত কলে-গাখীৰে-ভাতে এসাঁজ লাগিবই। আৰু কাঁহীত হাতৰ তলুৱা সমানে পাতি থৈ সৰু গাঁথিলৈ গাখীৰে স্পৰ্শ কৰাৰ পাছতহে সেই সাঁজ গাখীৰ ভাত তেওঁ খাব। এই খাঁটি খোৱা স্বভাৱটো প্ৰায় সকলো খাটি খোৱাৰে আছিল। অতিকৃচ্ছ্ৰ পৰিশ্ৰমেৰে বাথান-পথাৰ উভৈনদী কৰি তোলা পৰিশ্ৰমী সাধাৰণ বন্নগইৰাই কষ্টৰ সমানেই কৰিছিল ভোগ; ইয়াত বিলাস নাছিল, আছিল পৰিশ্ৰান্ত হোৱাৰ পাছৰ তৃপ্তি। মাজে মাজে এই সংগত সংগ দিয়া ভবিন মামাই কয়, ভাগিনা ইয়াকে কয় ভোগ, সৰভোগ। আৰু সুকীয়াকৈ বিশেষণ উপমাৰ কি প্ৰয়োজন আছে এই সৰভোগৰ। ভবিন মামাৰ জীৱন এক অনুপম আশ্চৰ্য। একালত বাথানৰ গুৱালৰূপে থকা মামাই এই বৰনগৰৰ এনে কোনটি কোণ চিনি নাপায় কিম্বা এনে কোনজন মানুহ নাই যিয়ে তেওঁৰ উমঘাম নাপায়। মানুহজন কাষলৈ আহিলেই এই অলপ আগতে গাখীৰৰ ডুবি এটাৰ পৰা উঠি অহা যেন লাগে, তেওঁৰ গোটেই দেহজুৰি গাখীৰৰ কেঁচা গোন্ধ এটা ব্যাপ্ত। এদিন সময় আৰু পৰিয়ালে তেওঁক ঘৰলৈ মাতিলে। বাথান এৰি আহিলে যদিও ভবিন মামা গাখীৰৰ ডুবি এটাতেই ডুবি থাকিল। কাউৰীয়ে কা নৌকৰোতেই তেওঁ নতুন পথ এটাৰে আগবাঢ়ে। জহ কি জাৰ খালী ভৰিৰে তেওঁ এক সুকীয়া শৈলীৰে খোজ লয়, মানে ভৰিৰ পতা তেওঁৰ মাটিত নপৰেই; ভৰিৰ দহো আঙুলিৰে খুপি-খুপিকৈ যোৱাৰ লেখীয়া তেওঁ খৰকৈ খোজ লয়। আৰু এই খোজ দৌৰাৰ দৰে হয়গৈ। আচৰিত এক ছন্দেৰে তেওঁৰ খৰ খোজৰ সমানে দুওঁঠত প্ৰগলভ লোক সুৰৰ সুহুৰি আৰু গান- ‘ভাদ্দোৰো আশিনে ৰে মইষাল/ নদীত পৰে কুল-/ মইষেৰ পিটিত চড়িয়া ৰে মইষাল/ তোলেন কাশিয়াৰ ফুল…’।
ভবিন মামাই পুৱাতেই ঘৰৰ বাজ হৈ সন্ধ্যা এপৰলৈ ভাগে ভাগে কেইবা ঘৰ মানুহৰ ঘৰৰ গাইৰ গাখীৰ খীৰোৱা কামটোৰ সমানে আন কেইবা ঘৰৰো গৰু গাখীৰ নিয়মীয়াকৈ বিক্ৰীৰ কামত নিয়োজিত হৈ আছিল। ইয়াৰ বিনিময়ত তেওঁ দিনৌ অথবা মাহেপতি পাৰিতোষিক লাভ কৰিছিল, সংসাৰ তেওঁৰ এনেকৈয়ে চলে। গাখীৰক ভিত্তি কৰিয়েই তেওঁৰ জীৱন পৰিপূৰ্ণ। তাৰ মাজতেই সভা-সমিতি এইবোৰক লৈও তেওঁৰ অপাৰ আগ্ৰহ। গান্ধী ভৱনৰ প্ৰাংগণত যি দলৰেই হওক বা যি অনুষ্ঠানৰেই নহওক কিয় তেওঁ সভাৰ ভাষণ শুনিবই শুনিব। চেগ বুজি কেতিয়াবা তেনে অনুষ্ঠানত তেওঁ সৰু টেবুল এখন পাৰি লৈ তামোল-পাণৰ দোকান এখনো দি কিছু ‘এক্সট্ৰা ইনকাম’ কৰিছিল। কাজেই মামা অলপ-অচৰপ ‘পলিটিকেল’। কিন্তু মুঠ কথাত তেওঁ সমুলি মাটিৰ মানুহ। সন্ধ্যা সমাজ এৰি ঘৰমুৱা হোৱা ভবিন মামাৰ ওঁঠৰ সাঁজৰ সুৰে বৰনগৰক বিনন্দীয়া কৰে- ‘আঠিয়া কলৰে দনা হৰি হৰি/ আঠিয়া কলৰে দনা/ অ’ কু-খাওতা ধেনেমাই/ছল কৰি লৈ গেল/ কাণতো নেদিলা সণা…’। ভবিন মামাৰ জীৱনৰ লহৰ দেখি বৰ ভাল পাইছিল যতীন জেঠা আৰু চৰণ কাই। ব্ৰিটিছক বাৰুকৈ দেখা শুকুলা সাজোনেৰে শুকুলা বৰণৰ যতীন জেঠাই সেই পুৰণি কাপোৰ চিলোৱা মেছিনটোৰ ঘূৰণীয়া হেণ্ডেলদাল কাজী হাতেৰে ঘুৰাই ঘূৰাই চাই ৰয়, আৰু দুওঁঠৰ পাগ লগা তামোলেৰে ৰঙা টিকটিকীয়া হৈ সেলেঙী বৈ পৰাৰ পৰাই ভাৱোদ্দীপক হৈ জেঠাৰ মাত ফুটি উঠে, ‘বোলে ভবিন থাকলি আমাক আৰ’ ৰেডিঅ’ নাংগেই।’ ‘চৰণেহে জানে ভোজন’ৰ ঠাই বুলি আত্মব্যংগ কৰি কমকৈ খোৱা চৰণ কাই সদায়ে ইচ্ছাকৃতভাৱে কিছুমান ভুল কথা আৰু ভুল উচ্ছাৰণেৰে সমূহকে হঁহুৱাই মাৰে। কাঞ্চনক কাঠল কাঠল বুলি ভূয়সী প্ৰশংসা কৰি তৎ নোপোৱা চৰণ কাই ‘ভবিন’ মামাক ‘চয়াবিন’ বুলি ভুলকৈ মাতি কয় ‘তয় গাৱা গাহনগিলা ফেহু বানাই থবিতু’, মানে ভবিন মামাক বুজাইছিল ৰেক’ৰ্ড কৰি থবলৈ।
বন্নগৰ বেৰাইছে, তিনিহাইতা এখান লেংটি মাৰি লৈ সাধাৰণ বৰনগৰ বেৰাইছে। বসন্ত আৰু শীতৰ ফুলবোৰ তাতে শৰতলৈ তৰ্জমা হৈছে। আকাশ ব্যাপ্ত হৈ কাইশাৰ ধুননত তুলাহেন মেঘবোৰ খেলি খেলি খেলিমেলিত পৰিছে। আহিন হীন নহয় ইয়াত, একেই আছে সজ সৰল আহিন। পিছে আহিনৰ সিপাৰে কাতি, কাতি হৈ অভয় বাঘখেদাই বাঁহৰ আগলৈ চায়, আগটো আগতকৈ কিছু হালিছে। মানুহৰ, সমাজৰ সময়ো এনেকৈয়ে হালি আহে। নিতান্তই প্ৰাকৃতিক এয়া। চুৰ্চুৰীয়াকৈ টাউনৰ ৰূপ লোৱা ঠাইখনৰ হাইৱেৰ গাতে লাগি ভাটিবেলাৰ পৰা গঢ় লৈ উঠা দৈনিক হাটখনত বিনো আবুৰ খুচুৰা পোহাৰখনো হালিছে। আবুৰো দেহা পৰিছে, হলেও আবুৰ খামি ডাঠ। এটা নিজা সত্তা আছে তেওঁৰ। পুৱাই বেকীৰ চাপৰিলৈ খোজ লৈ ঢেকীয়া, কলমৌ, মধুৰীআম, বগৰীকে ধৰি যি পায় গোটাই লৈ বিয়লিলৈ হাটত বহে। হাটখন লাহেকৈ হালিছে। চাৰিটা পথেৰে হাইৱেটো বহল হ’বলৈ লৈছে। দৈত্যকায় বুল্ড’জাৰবোৰৰ বিকট আৱাজত আবুৰ মনটো ভাঙিছে। আগৰ হাইৱেটো প্ৰত্নতত্ব ভগ্নাৱশেষৰ দৰে পৰি আছে, তাৰেই ক’ৰবাত তেওঁ সৰ্বস্ব হেৰুৱাই দিশহাৰা মানুহৰ দৰে নিৰাপত্তা বিচাৰি পোহাৰ মেলিছে; আৰু বাৰে বাৰে তেওঁ ঠাই সলাবলগীয়া হৈছে। দিন গৈছে, সময়ো হালি আহিছে। নতুন হাইৱে গঢ় লৈ উঠাৰ পিছত নকৈ পুনৰ হাটখন বহিছে, কিন্তু আবুৰ বাবে ঠাই টুটি আহিছে। এদিন তেওঁ পোহাৰ এৰি অনন্ত সময়ৰ দিশে খোজ লৈছে। আবু বেৰাইছে। কিমান ক্ষোভ আৰু অভিমান এই বন্নগৰৰ বতাহত ওপঙি ৰৈ গৈছে। কায়ো দাহ নাপায়।
এতেকে, হাইৱেৰ পৰা টাউনলৈ সোমোৱা মূল ৰাজপথটোও বহল হ’ল। ৰেল ষ্টেচনৰ পৰা বিমানঘাটিলৈ দীঘলে যোৱা ৰাস্তাটোৰ এচোৱা বহল হোৱাৰ লগে লগে, লাহে লাহে অভয় বাঘখেদাৰ ৰ’দ লোৱা পাঁচ আলিটোও বৰকৈ খৰখেদা হ’ল। আৱেগৰ বেগ কমি যন্ত্ৰৰ বেগ বাঢ়িল। জীৱনক জুখি চাবলৈ তেওঁৰ বাৰীৰ মাকাল বাঁহজোপাই জীৱন দিলে, ঠাই ল’লে ওখ দালানে। তেনেকৈয়েতো বহু বাথানো কাহানিবাই থানবান হ’ল। যি বাথান ৰ’ল তাৰো আলৈ-আথানি নোহোৱা হ’ল। নতুন বহল ৰাজপথটোৰ একাষত ৰৈ আছে অভয় বাঘখেদা। তেওঁৰ পুৰণি সময়বোৰ ক’লা বগা নিমাখিত ফটো এখনৰ দৰে বহল ৰাজপথটোৱে ফ্ৰেমিং কৰি থৈ নতুন সময়ৰ দেৱালত আঁৰি থৈছে।
বেৰাই বেৰাই যাই আৰুতো বহু কথা বন্নগৰে দেখিছে, বুকুত হেজাৰ যাতনা আৰু দ্ৰোহ। অলেখ প্ৰৱঞ্চনাৰে উচুপি উঠিছে এই বৰনগৰ। ইমানৰ পিছতো যিবোৰ কথা কোৱা হ’ল, যিবোৰ কথাই ৰজাৰ স্বীকৃতি পালে, যিবোৰ কথাৰে গৰিমাময় বৰনগৰ; তাৰপিছতো বহু কথা ক’বলৈ ৰৈ গ’ল বৰনগৰৰ। গাৰোমল্লা পথাৰৰ দৰেই বিস্তৃতি এই নোকোৱা কথাবোৰৰ। অথচ সময়ৰ উত্তাল বেকীত জাহ গ’ল ব্যাপ্ত গাৰোমল্লাৰ দৰে কথাবোৰ। কোনেও কাহানিও কাকো নোসোধিলে সেই কথা। আজিও অভিমানেৰে বেকীৰ বুকুলৈ চাই গাৰোমল্লাখন উঠি আহিব বুলি কোনো ভেণ্ড মাষ্টাৰৰ দৰে খেতিয়কে দুয়ো ডিমালী পিটিকি পিটিকি পৰম প্ৰত্যাশাৰে ৰৈ থকাৰ দৰেই বৰনগৰেও বেৰাই বেৰাই গৈ ক’ৰবাত ৰৈ দিয়ে, কিজানিবা কাৰোবাক ক’ব পৰা যায়েই নোকোৱা কথাবোৰ, কোনেও নোসোধা কথাবোৰ, ৰজাই স্বীকৃতি নিদিয়া কথাবোৰ! বৰনগৰে বাৰুকৈ জানে, বৰনগৰে বাৰুকৈ বুজে, বৰনগৰে চিৰনিয়ত লালন কৰে- এই বৰনগৰ একমাত্ৰ অসাম্প্ৰদায়িক সাধাৰণজনৰ বাবেহে বৰ্তি আছে প্ৰতিসময়। চল চাই কঠীয়া পেলাবলৈ ৰৈ থকা এচামে বৰনগৰৰ উদাৰতাৰ দ্বাৰখনত ন্যস্ত স্বাৰ্থৰ ৰঙেৰে ডাং দিবলৈ অহৰহ চেষ্টাত ব্ৰতী। পিছে আদৌহুন, সাধাৰণজনেতো জানে ভব্য-গব্যসৱে যিমানেই একছত্ৰী দখল দিবলৈ মৰণপণ যুঁজ নিদিয়ক কিয় কামৰূপ-কামতাৰ এই বন্নগৰ কালিও, আজিও আৰ’ ভৱিষতলৈও সাধাৰণ মানুহবোৰেই ‘বৰ’ ‘নগৰ’খনক বৰ্ণাঢ্য, বৰ্ণিল আৰু বৰকৈ সমৃদ্ধ কৰি ৰাখিব। এই সাধাৰণ জনৰ বাবেই বৰনগৰে ‘ভোগ’ৰ ভাগ সমূহলৈ আগবঢ়াইছে, ইয়াৰ বাথান আৰু পথাৰে ঐতিহ্য আৰু বিভূতিৰ মানচিত্ৰ আঁকিছে, ইয়াৰ গঞাই তেজ আৰু ঘামেৰে বৰনগৰত গড় বান্ধিছে অসাম্প্ৰদায়িকতাৰ। সাময়িকভাৱে বহু পথ সংকুচিত হৈছে, ৰাস্তা ঠেলি উঠি আহিছে বহু প্ৰতাপীৰ অহংকাৰৰ সীমা। খোজ ল’বলৈ, সেই খোজৰ নতুন বিহান এটা আনিবলৈ যাবলৈ বৰ কষ্ট হৈছে বন্নগৰৰ। এনেয়েও পথত খোজ দিয়াৰ অধিকাৰ হেৰুৱাইছে সাধাৰণে। তথাপি বন্নগৰে বেৰাইছে। এই খোজত আছে প্ৰচুৰ সম্ভাৱনা। আছে সাহস, আছে প্ৰতিশ্ৰুতি, আৰু আছে একাণপতীয়াকৈ লাগি থাকিবলৈ বৰনগৰীয়া অঁকৰা মনটো! অনেক অভিমান, অনেক ক্ষোভ, হৰেকৰকম চলনা, যাতনাৰ পাছত যাতনাই বিদ্ধ কৰিলেও বৰনগৰে সেও মনা নাই। নামানে। সজ-সৰল আৰু সাধাৰণজনৰ বৰনগৰে স্বাভিমানেৰে বেৰায়ে আহিছে অতদিনে, আৰু বেৰাবই নিৰন্তৰে।
নতুন সাহিত্য পৰিষদৰ বৰনগৰ শাখাৰ দ্বাৰা প্ৰকাশিত আলোচনী ঋত্বিকৰ ২০২১ বৰ্ষৰ অক্টোবৰ বিশেষ সংখ্যাত প্ৰকাশিত